newsnextone.com | ডিজিটেল ডেস্কঃ কাঠুৱা কাণ্ডৰ ৮ বছৰীয়া নাবালিকাৰ পৰিচয় আৰু ফটো বাধাহীন ভাৱে প্ৰচাৰ কৰা ঘটনাত উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল গুগল, ফেচবুক, টুইটাৰ আৰু ইউটিউব৷ ছচিয়েল মিডিয়াক ভৎসৰ্না কৰি শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কয় যে ছচিয়েল মাধ্যম সমূহে নাবালিকাগৰাকীৰ নাম আৰু ফটো প্ৰকাশ কৰি দেশৰ অহিতসাধন কৰিছে৷
দিল্লী উচ্চ আদালতে এই ঘটনা সন্দৰ্ভত গুগল, ফেচবুককে ধৰি আন আন ছচিয়েল মাধ্যমসমূহৰ পৰা উত্তৰ বিচাৰি নটিছ প্ৰেৰণ কৰিছে৷ আনহাতে ছচিয়েল মাধ্যম সমূহৰ ভাৰতীয় শাখাত ন্যায়ালয়ে নটিছ প্ৰেৰণ কৰাৰ পিছত ভাৰতত থকা ছচিয়েল মাধ্যম সমূহৰ শাখাই কয় যে আদালতৰ নটিচৰ উত্তৰ দিয়াৰ দায়িত্ব তেওঁলোকৰ নহয়৷