103
ডিজিটেল ডেস্কঃ গৰমে দহিছে সমগ্ৰ ভাৰত৷ উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ সকলোতে উৎকট গৰমৰ বাবে ব্যাহত হৈছে সাধৰণ জীৱন যাত্ৰা৷ মে মাহ নৌপৰোতেই অন্ধ্ৰ প্ৰদেশত গৰমৰ বাবে মৃত্যুমুখত পৰিছে কেইবাজনকৈ ব্যক্তি৷
বিগত ৩৬ ঘন্টাত ৰাজ্যখনত ৫ জন লোকৰ মৃত্যু হয় উৎকট গৰমৰ বাবে৷ মঙলবাৰেই ৪ জনৰ মৃত্যু হয়৷ মৃতকৰ ভিতৰত চাৰিজনৰ বয়স ৪০ পৰা ৬০ৰ ভিতৰত আৰু আন এজনৰ বয়স ৭৪৷ উল্লেখযোগ্য যে গৰমৰ ফলত প্ৰত্যেক বছৰে মৃত্যু মুখত পৰে শতাধিক লোক৷