ডিজিটেল ডেস্কঃ আপোনাৰ ঠাইখন হ’ব পাৰে দেশৰ ভিতৰতে দুৰ্নীতিগ্ৰস্ত৷ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ঠাইখনত থকা নাইতো আপুনি? দুৰ্নীতি দেশৰ এক প্ৰাথমিক সমস্যা৷ তলৰ পৰা একেবাৰে ওপৰলৈ সকলোতে দুৰ্নীতিৰ অবাধ ৰাজত্ব৷

আপুনি বাৰু জানেনে দেশৰ ভিতৰতে কোনটো অঞ্চল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত৷ ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৰাজ্যখন হৈছে কৰ্ণাটক৷ দি চেণ্টাৰ অব মিডিয়া ষ্টাডিজৰ সমীক্ষাত উন্মোচিত হৈছে এই তথ্য৷ কৰ্ণাটকৰ পিছতে এই তালিকাত থকা ৰাজ্যকেইখন হৈছে অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱ৷

দেশৰ ২০ খন ৰাজ্য সামৰি কৰা হৈছিল এই সমীক্ষা৷ আনহাতে আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত ৰাজ্যকেইখন হৈছে হিমাচল প্ৰদেশ, কেৰালা আৰু ছট্টিছগড়৷ উক্ত সমীক্ষাত প্ৰকাশ হৈছে এক তৃতীয়াংশ ঘৰেই লোকসেৱাত দুৰ্নীতিৰ সন্মুখীন হৈছে৷ আনহাতে সমীক্ষাত জড়িত ৫০% লোকেই বিমুদ্ৰাকৰণৰ পিছত দুৰ্নীতি কম হোৱা বুলি প্ৰকাশ কৰিছে৷