ডিজিটেল ডেস্কঃ প্ৰেমত মতলীয়া প্ৰেমিকে বিমান হাইজেক কৰাৰ ধমকি দিয়াৰ দুদিন পিছতেই দিলে আন এক ধমকি ৷ জেট এয়াৰৱেজৰ সেৱিকা বান্ধৱীৰ প্ৰেমত মতলীয়া এগৰাকী ব্যৱসায়ীৰ ভাল পোৱাৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাত বিমান হাইজেক কৰাৰ ধমকি দিছিল। এইবাৰ ‘এয়াৰলাইন’ খোলাৰো কথা কৈ জেট এয়াৰৱেজ বন্ধ কৰাৰ ভাবুকি কোটিপতি ব্যৱসায়ী বিৰজু চাল্লাই।
একপ্ৰকাৰ জেট এয়াৰৱেজ বন্ধ হৈ যাব বুলি ধমকি দিয়ে বিৰজুই। জেটৰ কর্মী তেওঁৰ বান্ধৱীক সংগী কৰি লৈ নতুন এয়াৰলাইন আৰম্ভ কৰিব। কিন্তু তেনে একো নহল৷ গ্রেপ্তাৰ হৈ আৰক্ষীৰ জিম্মাত হে আছে পাগল প্ৰেমিক। দোষী সাব্যস্ত হ’লে হয়তো হৈ যাব পাৰে কাৰাদণ্ড।