ৰঙিয়াঃ আন চাৰিটা শিশুৰ দৰে হিবজুলে ওমলিছিল, দুষ্টামি কৰিছিল৷ কিন্তু হিবজুলে এতিয়া মাকৰ কোলাত দিন পাৰ কৰিছে৷ দৰিদ্ৰ পৰিয়ালৰ হিবজুল নামৰ তিনিবছৰীয়া শিশুটোৱে বৃক্কৰ ৰোগত আক্ৰান্ত হৈ খেলা-ধূলা বাদ দি কেৱল মাকৰ কোলাত দিন পাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।
ৰঙিয়াৰ চহৰৰ গোগমালাছাৰ দৰিদ্ৰ পৰিয়ালৰ শিশুটোৱে অৰ্থৰ অভাৱত পৰিয়ালে উপযুক্ত চিকিৎসাৰ কৰিব নোৱাৰাৰ বাবে মৃত্যুৰ সৈতে যুঁজি দিছে। ৰঙিয়াৰ গোগমালাছাৰ দিন মজদুৰ চাদেক আলীয়ে পুত্ৰ হিবজুলৰ বৃক্ক ৰোগৰ চিকিৎসাৰ বাবে ঘৰ-মাটি, হালৰ গৰু বিক্ৰী কৰিছে যদিও উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন।