www.newsnextone.com| ঢেকীয়াজুলিঃ ঢেকীয়াজুলি আৰক্ষী থানাত মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰে । আজি মুছলিম ছাত্ৰ সন্থা অসম কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুল ৰহমান, সাধাৰণ সম্পাদক চামচুল হক, শোণিতপুৰ জিলা সমিতিৰ সভাপতি আলি হাইদৰ খান আৰু সাধাৰণ সম্পাদক নুৰ ইছলামে এক প্ৰেছ বিজ্ঞাপতি যোগে কয় যে, যোৱা ইংৰাজী ১৩-১০-২০১৮ তাৰিখে গুৱাহাটীত যিসকল দুষ্কৃতিকাৰীয়ে নাৰকীয় ভাৱে বোমা বিস্ফোৰণ কৰিছে সেই ঘটনাক মুছলিম ছাত্র সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিছে।
