www.newsnextone.com| ঢেকীয়াজুলিঃ ঢেকীয়াজুলি আৰক্ষী থানাত মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰে । আজি মুছলিম ছাত্ৰ সন্থা অসম কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুল ৰহমান, সাধাৰণ সম্পাদক চামচুল হক, শোণিতপুৰ জিলা সমিতিৰ সভাপতি আলি হাইদৰ খান আৰু সাধাৰণ সম্পাদক নুৰ ইছলামে এক প্ৰেছ বিজ্ঞাপতি যোগে কয় যে, যোৱা ইংৰাজী ১৩-১০-২০১৮ তাৰিখে গুৱাহাটীত যিসকল দুষ্কৃতিকাৰীয়ে নাৰকীয় ভাৱে বোমা বিস্ফোৰণ কৰিছে সেই ঘটনাক মুছলিম ছাত্র সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিছে। 

লগতে বিজ্ঞাপতিটোত উল্লেখ কৰি সংগঠনটোৰ নেতা কেইজনে কয়, হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে বিভিন্ন সময়ত মুছলিম সম্প্ৰদায়ক উদ্দেশ্য কৰি বিতৰ্কমূলক, সংবিধান বিৰোধী আৰু ৰাজ্যত সম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ উদ্দেশ্যৰে শংকৰ আজানৰ ৰাজ্যত বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা ভাতৃত্ববোধ বিনষ্ট কৰি হিংসাত্মক সংঘৰ্ষৰ ৰূপ দি আহিছে। 

১৩ অক্টোবৰত গুৱাহাটীত বোমা বিস্ফোৰণ হোৱা ঘটনাক কেন্দ্ৰ কৰি বিধায়ক গৰাকীয়ে আলফা নেতা পৰেশ বৰুৱাৰ বিষয়ে ক’বলৈ গৈ পৰেশ বৰুৱাক বিতৰ্কিত শিলাদিত্যই কৈছিল মুছলমানে ধৰ্মীয় উৎসৱ পালন কৰা ঈদৰ সময়ত ঈদগাহ ময়দানত আলফাই বোমা বিস্ফোৰণ কৰাব লাগে বুলি মুকলিভাৱে NEWS 18 নামৰ অসমৰ জনপ্ৰিয় টিভি চেনেল টোৰ জৰিয়তে পৰেশ বৰুৱাক আহ্বান জনাইছিল। ইয়াৰ পিছতেই মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে শিলাদিত্যৰ বিৰুদ্ধে ঢেকীয়াজুলি আৰক্ষী থানাত 788/18 নম্বৰত গোচৰ ৰুজু কৰে।

সংগঠনটোৱে কয় শিলাদিত্যৰ যে উগ্ৰপন্থীৰ লগত বুজা পৰা আছে শিলাদিত্যৰ এনে মন্তব্যত সংগঠনটোৰ সন্দেহ হৈছে আৰু শিলাদিত্যই উগ্ৰপন্থীৰ লগত যোগাযোগ ৰাখি অসমত বসবাস কৰা মুছলিম জাতিটোক হত্যা কৰিবলৈ চেষ্টা চলাইছে। শিলাদিত্যই এনে চৰিত্ৰহীন আৰু উগ্ৰ জাতীয়তাবাদ কৰ্মত লিপ্ত হোৱাত সংগঠনটোৱে আৰক্ষী প্ৰশাসনক দাবী জনায় কয় যে এজাহাৰৰ ভিত্তিত বিতৰ্কিত বিধায়ক শিলাদিত্যক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে। 

শিলাদিত্যৰ বিৰুদ্ধে অসম চৰকাৰেও আজিলৈকে কোনো সংবিধানীক বিহীত ব্যৱস্থা লোৱা দেখা নাই, ইয়াৰ কাৰণ কি? ছাত্ৰ সংগঠনটোৰ নেতাসকলে ৰাজ্য চৰকাৰ আৰু শিলাদিত্যক সকীয়াই কয় যে মুছলিম বসতি অঞ্চল সমূহত আৰু ধর্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত ভৱিষ্যতে যদি বোমা বিস্ফোৰণ হয় আৰু মুছলিম সম্প্ৰদায়ৰ কোনো ক্ষয় ক্ষতি হয় তেন্তে ইয়াৰ কাৰণে দায়ী হ'ব লাগিব শিলাদিত্য আৰু অসম চৰকাৰ।