গুৱাহাটীঃ চৰকাৰী নীতি-নিয়মক ভৰিৰে মোহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দলৰে এগৰাকী বিধায়কৰ আত্মীয়ই ৰাজ্যৰ কেইবাখনো পাহাৰৰ শিলৰ কুৱেৰী নিজৰ দখললৈ নিয়া বুলিও ব্যাপক চৰ্চা চলি থকাৰ মাজতে নগাঁও জিলাত সেউজীয়া পাহাৰ খনন কৰাৰ নতুন খবৰ পোহৰলৈ আহিছে৷
বিধায়কৰ আত্মীয়ই সুদীৰ্ঘ সময় শিলৰ কুৱেৰী নিজৰ দখললৈ নিয়াৰ লগতে শিলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি দাম বঢ়োৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে ৰাজ্যত আজিও পাহাৰ ব্যাপক হাৰত ধ্বংস কৰি আহিছে সেউজীয়া পাহাৰ৷