ডিফুঃ আশা কৰা ধৰণেই ল’ৰা-ছোৱালীৰ চিহ্নৰে স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব এইছএছডিচিয়ে।স্বায়ত্ত ৰাজ্যৰ দাবীত আন্দোলন চলোৱা দলটোৱে ১৯৮৯ চনৰ পৰা ল’ৰা-ছোৱালীৰ চিহ্ন লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছিল যদিও পৰৱৰ্তী সময়ত দলটো দ্বিখণ্ডিত হোৱাত উক্ত চিহ্ন হেৰুৱাবলগীয়াত পৰে।
পিছলৈ হিলছ ষ্টেট ডিমাণ্ড কাউঞ্চিল চমুকৈ এইছএছডিচি নামেৰে ঐক্যবদ্ব হৈ স্বায়ত্ত ৰাজ্যৰ দাবী আন্দোলনক পাহাৰীয়া ৰাজ্য দাবী আন্দোলনলৈ ৰূপান্তৰ কৰি নিৰ্বাচনী প্ৰতীক হিচাপে ল’ৰা-ছোৱালীৰ চিহ্ন বিচাৰে যদিও তাৰ বাবে অপেক্ষা কৰিবলৈ বাধ্য হৈ পৰে।