ধিংঃ অসমৰ দৌৰৰ ৰাণী দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসক সম্ভাষণ জনালে ধিংবাসীয়ে৷ বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫ম স্থান দখল কৰে হিমা দাসে৷
সুদীৰ্ঘ ৩০ বছৰৰ মূৰকত ৰাজ্যৰ এগৰাকী খেলুৱৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশগ্ৰহণ কৰে৷ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠে৷