Home দেশহিমাচল প্ৰদেশৰ ৫ জিলাত ডাৱৰ বিস্ফোৰণত ৯ জন লোক সন্ধানহীন, ২টাকৈ মৃতদেহ উদ্ধাৰ

হিমাচল প্ৰদেশৰ ৫ জিলাত ডাৱৰ বিস্ফোৰণত ৯ জন লোক সন্ধানহীন, ২টাকৈ মৃতদেহ উদ্ধাৰ

by News Next One
A+A-
Reset

ছিমলাঃ বুধবাৰে হিমাচল প্ৰদেশৰ দুখন জিলা বাৰিষাকালীন বিধ্বংসী পৰিস্থিতিৰ সন্মুখীন হয়। পাঁচখন জিলাত ডাৱৰ বিস্ফোৰণৰ পাছত প্ৰবল বানপানীৰ সৃষ্টি হয় আৰু কেইবাজনো লোকৰ লগতে যান-বাহন, দলং আৰু ঘৰ-দুৱাৰ আদি বানে উটুৱাই লৈ যায়। ২৪ ঘণ্টাৰ বৰষুণত ২ জন লোকৰ মৃত্যু হয় আৰু ৯ জন নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।

ইফালে, ২৮ আৰু ২৯ জুনতো ৰাজ্যখনত পুনৰ একেধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰি বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। কুল্লু আৰু কংৰা জিলা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তথ্য অনুসৰি বুধবাৰে কুল্লু জিলাৰ ছাইঞ্জৰ পৰা পিতৃ-কন্যা আৰু আন এগৰাকী মহিলাক বনে উটুৱাই লৈ যায়।

একে সময়তে ধৰ্মশালাৰ খনিয়াৰাৰ মাগুনি খাদত জল প্ৰকল্পৰ ১৫-২০ জন শ্ৰমিকক উটুৱাই নিয়াৰ তথ্য পোৱা গৈছিল যদিও এতিয়া প্ৰশাসনে মাত্ৰ ৮ জন লোককহে বানে উটুৱাই নিয়াৰ কথা প্ৰকাশ কৰিছে। উপায়ুক্ত কংৰা হেমৰাজ বেৰৱাই জনোৱা মতে, এই পৰ্যন্ত ২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মন কৰিবলগীয়া যে ৰাজ্যত বাৰিষা প্ৰৱেশ কৰাৰ লগে লগে বৰষুণৰ বাবে যথেষ্ট ক্ষতিসাধন হৈছে। ছাইঞ্জ, বঞ্জাৰ, কুল্লুৰ তীৰ্থন, মানালীৰ সোলাংগানালা আৰু মণিকৰণ উপত্যকাৰ পাহাৰত ডাৱৰ বিস্ফোৰণৰ ফলত কুল্লু জিলাৰ নদী আৰু উপনৈসমূহ ওফন্দি উঠে। অৱশ্যে আজি বতৰ মুকলি হোৱাত কিছু সকাহ পোৱা গৈছে। এতিয়া খনিয়াৰাৰ জল প্ৰকল্পৰ সমীপত বানপানীত নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে।

কালি দুটা মৃতদেহ উদ্ধাৰ হোৱা বুলি কংগ্ৰাৰ এছডিএম শিল্পী ভেক্তাই জানিবলৈ দিয়ে। পুৱা ৬ বজাৰ পৰা উদ্ধাৰ অভিযান চলোৱাৰ লগতে বৃহস্পতিবাৰে উদ্ধাৰ অভিযানৰ সময়ত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৰষুণৰ ফলত মাজত বাধাৰ সৃষ্টি হোৱা দেখা গৈছে যদিও এনডিআৰএফ, এছডিআৰএফ আৰু আৰক্ষীৰ দল তালাচী অভিযানত নিয়োজিত হৈ আছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হিমাচল প্ৰদেশৰ বানপানীৰ ফলত প্ৰাণ আৰু সা-সম্পত্তি হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে যে হিমাচল প্ৰদেশৰ বহু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বহু লোকে প্ৰাণ আৰু সা-সম্পত্তি হেৰুওৱাৰ খবৰটো অতি দুখজনক। এতিয়াও বহু লোক সন্ধানহীন হৈ আছে।

গান্ধীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰুদ্দেশ হোৱা লোকসকল নিৰাপদে ঘূৰি অহাৰ আশা প্ৰকাশ কৰে। প্ৰশাসন আৰু সাহায্যকাৰী দলে সম্পূৰ্ণ সাজু হৈ কাম কৰি আছে। কংগ্ৰেছ কৰ্মীসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত সম্ভৱপৰ সকলো প্ৰকাৰে সহায় কৰিবলৈকো তেওঁ আহ্বান জনায়।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0