Home ৰাজনীতিসভাপতি হিচাপে এমাহ সম্পূৰ্ণ গৌৰৱ গগৈৰ, শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ বিশেষ ছেলফি কেম্পেইনিং

সভাপতি হিচাপে এমাহ সম্পূৰ্ণ গৌৰৱ গগৈৰ, শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ বিশেষ ছেলফি কেম্পেইনিং

by News Next One
A+A-
Reset

গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আজি এমাহ সম্পূৰ্ণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। এই এমাহত শদিয়াৰ পৰা ধুবুৰীলৈ ভিন্ন স্থানলৈ গৈ তৃণমূল কৰ্মীসকলৰ মনৰ বুজ লোৱাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ দুখ-দুৰ্দশাৰো বুজ লোৱা দেখা গৈছে নতুন সভাপতিগৰাকীক।

সভাপতি হিচাপে নিযুক্তি লাভৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতে এতিয়া নতুন নতুন পদক্ষেপ হাতত লৈছে গৌৰৱ গগৈয়ে। এই অনুযায়ী তৃণমূল কৰ্মীৰ মনোবল বৃদ্ধি কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে অহা ২৭ জুনত আন্তৰিক সংযোগৰ এক কাৰ্যসূচী হাতত লৈছে। উক্ত কাৰ্যসূচী অনুযায়ী জিলা পৰ্যায়ৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বই বুথৰ সভাপতি আৰু কৰ্মীসকলৰ ওচৰলৈ গৈ ছেলফি লৈ সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ চলাব।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ এমাহ সম্পূৰ্ণ হোৱা দিনটোত আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰে এক বাৰ্তালাপতো মিলিত হয়। এই বাৰ্তালাপত সভাপতি গগৈয়ে কয় যে বিগত এমাহত তৃণমূল পৰ্যায়ৰ পৰা যথেষ্ট ভাল সঁহাৰি আহিছে আৰু সেইবাবে বিজেপি নেতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অস্থিৰতা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।

“ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে কৰা অসমৰ স্বাৰ্থ বিৰোধী কামবোৰৰ বিৰুদ্ধে এক জনজাগৰণ আনিবলৈ চেষ্টা কৰিছিল আৰু এই কামত আমাৰ দল সফল হৈছে। যুঁজ এখন হ’ব মনোভাবেৰে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মনোবল এতিয়া সুদৃঢ় কৰা হৈছে। চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কংগ্ৰেছে একত্ৰিতভাৱে প্ৰৱল প্ৰতিবাদ জনাইছে।”- গগৈয়ে কয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ আশীষধন্য একাংশ মন্ত্ৰী-বিধায়কৰ দুৰ্নীতিৰ স্বৰূপ উদঙাই দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী-বিধায়কে এতিয়া সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্যৰো নিন্দা কৰে সভাপতিগৰাকীয়ে। সভাপতি গগৈয়ে আৰু কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ কংগ্ৰেছ দল বদ্ধপৰিকৰ। তেওঁ লগতে তৃণমূল পৰ্যায়ৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰিবৰ বাবে বিগত ৩০ দিনত তেওঁ যথেষ্ট গুৰুত্ব দিছে আৰু যাৰ বাবে দলৰ কৰ্মীসকলে সক্ৰিয় সহযোগিতা আগবঢ়াইছে।

বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবৰ বাবে কংগ্ৰেছ দলে ১২৬টা বিধানসভা সমষ্টিতে দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে। তেওঁ কয় যে দলৰ প্ৰাৰ্থী জিকিবলৈ বা আনক জিকাবলৈ দলৰ সংগঠন শক্তিশালী হ’ব লাগিব। নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা যাতে শুদ্ধ হয়, মুক্ত আৰু নিকাভাৱে প্ৰকৃত ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে কংগ্ৰেছ দলে শক্তিশালী ৰূপত কাম কৰিব বুলিও তেওঁ উল্লেখ কৰে।

ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বাতৰি কাকতসমূহত জ্যেষ্ঠ সাংবাদিকসকলৰ লগত হোৱা এই মতবিনিময় অনুষ্ঠানত সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কী প্ৰমুখ্যে একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থাকে।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0