বাইহাটা চাৰিআলিঃ দেশ তথা ৰাজ্যৰ ভিতৰতে জালুকবাৰী বিধান সভা সমষ্টি জাকত জিলিকা সমষ্টি হ’ব। বিধান সভা সমষ্টিটোত উচ্চ শিক্ষা আৰু উন্নত চিকিৎসা সেৱাৰ বাবে আই আই টি, এইমচ, ইঞ্জিনীয়াৰিং কলেজ, চৰকাৰী খণ্ডৰ বি এড মহাবিদ্যালয় আদিকে ধৰি মেট্ৰ ৰেলৰ সুবিধা উপলব্ধ হব। আমাৰ বিশ্বাস ২০২১ চনৰ ভিতৰত জালুকবাৰী সমষ্টিয়ে অন্য এক পূৰ্ণতা লাভ কৰিব। এই মন্তব্য শিক্ষা, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷
দেওবাৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ ১৬৩১ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বর্ধনা আৰু জলপানী প্ৰদানৰ উদ্দেশ্য বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এখন সবাত উপস্থিত থাকি এই মন্তব্য আগবঢ়াই মন্ত্ৰী হিমন্তই। নিজ সমষ্টিৰ ছাত্ৰ-ছত্ৰীক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰা সভাত উপস্থিত থাকি হিমন্তই নিজ সমষ্টিৰ শিক্ষাৰ মান মান হোৱা বুলি কয়।