মঙলদৈঃ শুকুৰবাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দৰং জিলাৰ মঙলদৈত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশ লয়৷ মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱাই ঐতিহ্যমণ্ডিত মঙলদৈ মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয় পৰিয়ালে নিজ পুঁজিৰে প্ৰায় ১ কোটি টকাৰে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱন উদ্বোধন কৰে৷
মহাবিদ্যালয় খনত মন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ পিছতেই শিক্ষক ছাত্র-ছাত্ৰীয়ে উষ্ম আদৰণী যাঁচে৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২ কৌটি টকা, মহিলাসকলৰ বাবে কনকলতা মহাবিদ্যাল ছয়মাহৰ ভিতৰত স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।