গুৱাহাটীঃ সংবাদ মাধ্যমক নীতিপাঠ শিকোৱাৰ ক্ষেত্ৰত নিজেই যেন নিজৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিছে অসমৰ মুখ্যমন্ত্ৰী। সোমবাৰে এটা ছেটেলাইট নিউজ চেনেলক সংবাদমেলৰ মাজতে আক্ৰমণৰ লক্ষ্য কৰি লৈয়ো হেঁপাহ নপলোৱা মুখ্যমন্ত্ৰীয়ে আজি বহিঃৰাজ্যৰ এগৰাকী বাইকাৰ্ছৰ বাইক চুৰিৰ ঘটনাৰ আলম লৈ অসমৰ প্ৰতিগৰাকী সাংবাদিকে তেনেধৰণৰ খবৰ এটা পালে প্ৰথমে কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাংবাদিসকলে অসমৰ বদনাম হোৱা কোনো কাম কৰিব নালাগে। চুৰি হোৱা কথাটো সত্য যদিও সেয়া প্ৰচাৰ কৰিলে অসমৰ বদনাম হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। মুখ্যমন্ত্ৰীয়ে সেয়ে খবৰটো পোৱা মাত্ৰকে সাংবাদিকক বাতৰিটো প্ৰকাশ নকৰি মুখ্যমন্ত্ৰীক ঘটনাৰ বিৱৰণ দি অসমৰ বদনাম ৰোধ কৰিবৰ বাবে দুদিনৰ ভিতৰত চোৰ বিচাৰিবলৈ ক’বলৈ আহ্বান জনায়। তেওঁ এয়াও কয় যে এয়াই হ’ব নতুন অসমৰ নতুন নিয়ম। মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বাতৰি লিখিব নে নিলিখিব সেইটোৰ ওপৰতে জননী জন্মভূমিক সাংবাদিকজনে কিমান ভালপায় সেয়া ওলাই পৰে বুলিও আওপকীয়াকৈ কয়।