60
উত্তৰ কামৰূপঃ আজি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীৰ নাও দূৰ্ঘটনাত নিহত হোৱা পৰিয়ালৰ ঘৰত উপস্থিত হয় আৰু সমবেদনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে৷
উল্লেখ্য যে, বুধবাৰে উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাত ডিম্পী দাস আৰু অংকিতা বৰুৱা নামৰ দুগৰাকী ছাত্ৰী নিহত হৈছিল৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ ওচৰত থিয় হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷