newsnextone.com | গুৱাহাটীঃ বিতৰ্ক আৰু হিমন্ত বিশ্ব শৰ্মা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমত চৰ্চাত থকা এগৰাকী নেতা আৰু কোনোৱে হিমন্ত বিশ্ব শৰ্মাক একালৰ আছু, একালৰ কংগ্ৰেছী আৰু এতিয়াৰ বিজেপি বুলিও কব খোজে।
মন্ত্ৰীগৰাকীয়ে নিজৰ মতেই সকলো কাম কৰিব বিচাৰে বুলিও হিমন্ত বিশ্ব শৰ্মাৰ বদনাম আছে৷ ৰাজ্যত দীন দয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিতকৰণক লৈ সকলো ক্ষেত্ৰতে মন্ত্ৰীগৰাকীয়ে নিজৰ মতত অটল হৈ আছে।