মৰিগাঁওঃ ‘মোক ফুটবলৰ দৰে খেলি টিভিয়ে পাগল কৰি তুলিছে’-এই মন্তব্য অসম চৰকাৰৰ স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মৰিগাঁৱত অনুষ্ঠিত হব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বুজ লবলৈ আহি সোমবাৰে মৰিগাঁৱত উপস্থিত হোৱা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এইদৰে কয় ।
আগন্তক লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচনৰ সন্দৰ্ভত সংবাদমাধ্যমত প্ৰচাৰিত বাতৰি সন্দৰ্ভত মৰিগাঁও সংবাদমাধ্যমৰ লোক সকলে জানিব বিচৰাত তেওঁ কয় একাংশ টিভি চেনেলে অপপ্ৰচাৰ কৰি মোক ফুটবলৰ দৰে খেলি আছে বুলি সংবাদমাধ্যমক দোষাৰোপ কৰি বিষয়টোৰ পৰা অতি কৌশলৰে আতৰি যায়। আনহাতে বগীবিল দলং নিৰ্মাণ বিজেপিৰ কৃতিত্ব বুলি দাবী কৰা মন্ত্রী শৰ্মাই মধুপুৰ সত্ৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকি এই একো নাজানো বুলি জনায়।