60
ডিব্ৰুগড়ঃ দিল্লীত দলৰ আভ্যন্তৰীণ ৰাজনীতিক লৈ ব্যস্ত ৰাজ্যৰ বহুবল্কী স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মন্ত্ৰীসভা বিস্তাৰক লৈ ব্যস্ত ৰাজ্যৰ শাসকীয় দল বিজেপি৷ সঘন বৈঠক, সঘন দিল্লী গমনৰ খেলত বন্দী হৈছে এতিয়া ৰাজ্যবাসীৰ ভৱিষ্যত৷
ৰাজ্যত মহামাৰী সদৃশ হৈ পৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগ৷ দুদিনৰ মূৰে-মূৰে ৰাজ্যত কোনো নহয় কোনো ঠাইত জাপানীজ এনকেফেলাইটিছত মানুহ মৰিছে৷ তথাপিও সজাগ হোৱা নাই ৰাজ্য চৰকাৰ কিম্বা স্বাস্থ্য মন্ত্ৰী৷