গুৱাহাটীঃ কালি নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানসহ ৰাজ্যৰ বিভিন্ন স্থানত যোৱা এবছৰত বাংলাদেশীৰ বেদখল উচ্ছেদ কৰা বুলি ভাষণত উল্লেখ কৰি প্ৰধানমন্ত্ৰীসহ সকলোৰে বাহ্‌বা লোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি সৰৱ হৈ উঠে কংগ্ৰেছ।

বেদখলীকৃত ভূমিৰ পৰা উচ্ছেদ কৰা বাংলাদেশী ক’লৈ গ’ল বুলি প্ৰশ্ন কৰি আজি গুৱাহাটীত এখন সংবাদমেলত কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, 'বহু উচ্ছেদিতৰ মাজত খিলঞ্জীয়া লোকো আছে। যিসকল বাংলাদেশীক উচ্ছেদ কৰা হ’ল মন্ত্ৰী শৰ্মাই দাবী কৰিছে, তেওঁলোক ক’লৈ গ’ল? দেশৰ আইন-কানুন অনুসৰি এইসকলক বাংলাদেশলৈ বিতাড়ন কৰাৰ তথ্যও নাই। গতিকে আমি মন্ত্ৰী  শৰ্মাই এই বাংলাদেশীসকলক তেওঁৰ সমষ্টি জালুকবাৰীত স্থাপন কৰিলে নেকি সেয়া জানিব বিচাৰিছো।’

আনহাতে, প্রধানমন্ত্ৰী মোদীৰ তিনি বছৰীয়া আৰু সোণোৱাল চৰকাৰৰ এবছৰীয়া শাসনত সাধাৰণ ৰাইজ কেৱল প্ৰতাৰিত হ’ল বুলি বিৰোধী দলপতি শইকীয়াই অভিযোগ উত্থাপন কৰে। এই তিনিটা বছৰত কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৰা প্ৰতাৰণাৰ তথ্য সম্বলিত এখন পুস্তিকাও প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰে।