কাজিৰঙাঃ কালি নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত কাজিৰঙাৰ পৰা বাংলাদেশীৰ বেদখল উচ্ছেদ কৰা বুলি ভাষণত উল্লেখ কৰি প্ৰধানমন্ত্ৰীসহ সকলোৰে বাহ্বা লোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়।
পাছত মন্ত্ৰীজনে কয় যে ধলা-শদিয়ালৈ শিল-দৌল ভাঙি অহা জনসাধাৰণেই প্ৰমাণ কৰিছে এই চৰকাৰখনৰ প্ৰতি ৰাইজৰ সমৰ্থন কিমান। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈক কটাক্ষ কৰি তেওঁ আৰু কয়, ’এতিয়া আমাৰ কাম কৰাৰ সময়। অযথা মুখ চুপতি মাৰিবলৈ এতিয়া মোৰ সময়ৰ অভাৱ। গতিকে তৰুণ গগৈ ডাঙৰীয়াৰ লগত বুঢ়া হ’লে মুখ-চুপতি মাৰিম।’