আজাৰাঃ ৰাজ্যৰ ১২ খন জিলাৰ চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন৷ ১০ অক্টোৱৰৰ পৰা বিদ্যালয় সমূহত ধুমধামেৰে অনুষ্ঠিত কৰা গুণোৎসৱত পৰিদৰ্শক হিচাপে উপস্থিত থাকে ৰাজ্যৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়ববীয়া সকল৷
এফালে আজি দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞানৰ মূল্যায়ণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৯৫নং সাতপখলী প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰীগৰাকিয়ে প্ৰায় ৩ ঘণ্টা সময় বিদ্যালয়ত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী, অংক, সাধাৰণ জ্ঞান আদি বিষয়ত বিভিন্ন প্ৰশ্ন সোধে।