গুৱাহাটীঃ কেন্দ্ৰৰ নিৰ্দেশনাতে হওক বা ৰাজ্য চৰকাৰৰ চিন্তা-চৰ্চাৰেই হওক, মুঠৰ ওপৰত চমক সৃষ্টিকাৰী ঘোষণাৰে জনমানসত প্ৰতিষ্ঠিত হোৱা ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত জনসংখ্যা ৰোধৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। আজি মহানগৰীত অনুষ্ঠিত সংবাদ মেলত এই নতুন নিয়মসমূহৰ বিষয়ে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷
এই অনুযায়ী ৰাজ্যৰ ১২খন জিলাৰ জনসংখ্যাৰ ওপৰত অধিক নজৰ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে৷ মূলতঃ যিকেইখন জিলাত জনসংখ্যা অস্বাভৱিকভাৱে বৃদ্ধি হৈছে সেই ১২খন জিলাত নজৰ দিব প্ৰশাসনে৷ মৰিগাঁও, গোৱালপাৰা আৰু দৰঙত বিশেষ গুৰুত্ব দিয়াৰ উপৰিও ধুবুৰী, দক্ষিণ শালমাৰা, নগাওঁ, কৰিমগঞ্জ, বৰপেটা, হাইলাকান্দি, বঙাইগাঁও, কাছাৰ আৰু কামৰূপ জিলাও চোকা নীৰিক্ষণত থাকিব চৰকাৰৰ৷