newsnextone.com | বিশ্বানাথঃ সোমবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিশ্বনাথ জিলাৰ উচ্চ শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ বিশেষ অনুষ্ঠানত অংশ লয়৷ মন্ত্ৰীগৰাকীৰ সৈতে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম মন্ত্ৰী ৰঞ্জিত দত্ত, স্থানীয় বিধায়ক উত্‍পল বৰা, প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে। মহাবিদ্যালয়খনৰ আঁচনি উন্মোচন কৰাৰ লগতে স্থানীয় বিধায়কৰ উপস্থিতিত বিশ্বনাথ জিলাৰ শিক্ষা বিষয়াৰ সৈতে এখন বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে৷ আলোচনা কালত জিলা খনৰ শিক্ষা খণ্ডৰ বিভিন্ন সমস্যা সন্দৰ্ভত জানিবলৈ চেষ্টা কৰে মন্ত্ৰীগৰাকীয়ে৷

বিশ্বনাথ মহাবিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰা প্ৰশাসনিক ভৱন, নাজিবুৰ ৰহমান ভৱন আৰু ৰসায়ন বিজ্ঞান বিভাগৰ এটি ভৱন উদ্বোধন কৰে। তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধিৰ সৈতে বিদ্যালয়ৰ সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয়৷

কাৰ্যসূচীৰ অন্তত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মুখামুখী হৈ বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে৷ এই মন্তব্যই একপ্ৰকাৰ সিদ্ধাৰ্থ বনাম হিমন্ত বিশ্বলৈ পৰিবেশ ৰূপান্তৰ কৰে৷ একপ্ৰকাৰ কবলৈ গলে প্ৰাক্তন শিক্ষামন্ত্ৰী বনাম নতুন শিক্ষামন্ত্ৰীৰ যেন যুঁজ হ’বলৈ হে আগবাঢ়িছে৷

যেন সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্বৰ কথা মতে নচলে৷ ৰাজনীতিৰ পথাৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুৰত্ব ক্ৰমাৎ বৃদ্ধি হবলৈ ধৰিছে নেকিও বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ মন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা পাতি শিক্ষকক নিযুক্তি দি চমক সৃষ্টি কৰিছিল বুলিয়ে কলে একপ্ৰকাৰ৷ নতুন শিক্ষা মন্ত্ৰীয়ে হেনো তেনে নকৰে৷

নতুন শিক্ষা মন্ত্ৰীৰ পৰিকল্পনাই বেলেগ৷ সিদ্ধাৰ্থ ভট্টচাৰ্যই কয় ‘‘নিযুক্তি দিয়া সহজ কথা৷ দুই এজনক নিযুক্তি দিয়া সহজ কথা৷ এখন এপইণ্টমেন লেটাৰ দি এখন ডাঙৰ মেলা পাতি নিযুক্তি দি দিব পাৰোঁ৷ পৰৱৰ্তী সময়ত সেই মানুহৰ বেতন কৰ পৰা আহিব৷ সেই কথাটোৰ এচুৰেন্স নথকাটো উচিত নহয়৷ বহু ক্ষেত্ৰত মই দেখিছোঁ৷ নিযুক্তি দিয়া হ’ল কিন্তু পৰৱৰ্তী সময়ত তেওলোকক বেতন দিব পৰা হোৱা নাই৷’’

ইমানে নহয় হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিয়াৰ ঘোষণা কৰা কাৰ্যক একপ্ৰকাৰ উভতি ধৰি স্কুটিৰ পৰিৱৰ্তে চাইকেল দিম বুলি কৈ মন্ত্ৰী সিদ্ধাৰ্থই ১৯ বছৰীয়া ছোৱালীয়ে স্কুটি চলাব জানে নে নাই সেইটোহে ডাঙৰ কথা বুলি কয়৷ তাতকৈ মই ভাল কােম্পেনীৰ চাইকেল দিম বুলি ঘোষণা কৰে৷ আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহয় বুলি স্পষ্ট কৰে৷ একপ্ৰকাৰ কবলৈ গলে দুয়োগৰাকীৰ মন্ত্ৰীৰ মাজত যেন কোনো কথাক লৈ মলোমালিন্যহে হৈছে৷ তাৰেই উমান পোৱা গৈছে৷