newsnextone.com | বিশ্বানাথঃ সোমবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিশ্বনাথ জিলাৰ উচ্চ শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ বিশেষ অনুষ্ঠানত অংশ লয়৷ মন্ত্ৰীগৰাকীৰ সৈতে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম মন্ত্ৰী ৰঞ্জিত দত্ত, স্থানীয় বিধায়ক উত্পল বৰা, প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে। মহাবিদ্যালয়খনৰ আঁচনি উন্মোচন কৰাৰ লগতে স্থানীয় বিধায়কৰ উপস্থিতিত বিশ্বনাথ জিলাৰ শিক্ষা বিষয়াৰ সৈতে এখন বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে৷ আলোচনা কালত জিলা খনৰ শিক্ষা খণ্ডৰ বিভিন্ন সমস্যা সন্দৰ্ভত জানিবলৈ চেষ্টা কৰে মন্ত্ৰীগৰাকীয়ে৷
53