প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ভৎৰ্সনা কৰি হিমন্তই মুকলি কৰে বোকাখাতৰ...

Home ৰাজ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ভৎৰ্সনা কৰি হিমন্তই মুকলি কৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ভৎৰ্সনা কৰি হিমন্তই মুকলি কৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়

by News Desk
55 views
A+A-
Reset

www.newsnextone.com।কাজিৰঙা: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ভৎৰ্সনা কৰি আজি বিয়লি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় ১০০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ আধাৰশিলা স্থাপন কৰে।
কৃষিমন্ত্ৰী অতুল বৰা, অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিধায়ক মৃণাল শইকীয়া, ৰণোজ পেগু, গোলাঘাটৰ উপায়ুক্ত গৌৰৱ ব্ৰোৰ্থা, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ লগতে বিভিন্ন লোক উপস্থিত থকা অনুষ্ঠানত হিমন্তই কয় যে পৰিৱৰ্তনকামী চৰকাৰে কংগ্ৰেছৰ দৰে আঠুৱা-কম্বলৰ ৰাজনীতি কৰা নাই। তেওঁ বিভিন্ন পৰিৱৰ্তনৰ কথা জাহিৰ কৰে। ইতিপূৰ্বে অতিথিসকলকখোল-তাঁল, হৰিনামৰ ধ্বনিৰে আদৰি আনে বোকাখাতৰ শিল্পীসকলে। ইফালে, ২ বজাত স্বাস্থ্যমন্ত্ৰী গৰাকী বোকাখাতত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰায় দুঘণ্টা পলমকৈ উপস্থিত হোৱাত একাংশ লোক সভাগৃহৰ পৰা ওলাই যায়। বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলে মানুহ খিনিক মাতি মানি সভাগৃহত উপস্থিত কৰায়। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বোকাখাতত ৯ কোটি ৬৫ লাখ ৬৫ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগীয়া ১০০খন যুক্ত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ শিলান্যাস কৰে। তেখেতে বোকাখাতৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস দিয়াৰলগতে শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।
ইয়াৰ পাছতে বিগত সাত পূৰ্বে আধাৰশিলা স্থাপন কৰা কহঁৰা আদৰ্শ চিকিৎসালয় মুকলি কৰে। কহঁৰা আদৰ্শ চিকিৎসালয়ৰ নাম স্বাধীনতা সংগ্ৰামৰ শ্বহীদ বেজা বৈষ্ণৱৰ নামত উৎসৰ্গা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0