গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ পাছত আৰু পুলৱামাৰ ভয়াৱহ কাণ্ডৰ প্ৰতিবাদৰ মাজতে সোমবাৰে গুৱাহাটীৰ দিছপুৰ লাষ্টগে’টত CITUয়ে সংগঠনটোৰ বিভিন্ন দাবীৰ সমৰ্থনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

লাষ্টগে’টত চেন্টাৰ অব ট্ৰেড ইউনিয়ন (চিটু)ৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সংগঠনটোৱে এক স্মাৰক-পত্ৰ প্ৰদান কৰে। 

দেশৰ তৈলক্ষেত্ৰ আৰু বিমান বন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰা, মধ্যাহ্ন ভোজন আঁচনি এন জি অ’ক দিয়াৰ বাবে ২০১৮ৰ ২৪ ডিচেম্বৰ চৰকাৰী জাননী প্ৰত্যাহাৰ কৰাৰ লগতে অসমৰ ঠিকা শ্ৰমিক সহকাৰে সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি ১৮,০০০ টকা ধাৰ্য কৰাকে ধৰি কেইবাটাও দাবী সন্মিলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।