গুৱাহাটীঃ অসমত আত্মপ্ৰকাশ কৰিলে মেঘালয়ৰ নেচনে পিপলছ পাৰ্টী (NPP)-য়ে৷ 

‘NPP দলে উত্তৰ-পূবৰ বাবে মাত মাতি আহিছে, NPP এনেকুৱা দল যি দলে অসমৰ মূল ইছ্যুত মাত মতে৷ উত্তৰ পূবৰ সমস্যাত মাত মাতিবলৈ আমাৰ পতাকা অসমত ঠিয় কৰিছোঁ৷ কাৰণ দিল্লীয়ে আমাৰ কথা সহজে নুশুনে।’– এই মন্তব্য কনৰাড চাংমাৰ।

লোকসভাৰ প্ৰাক্তন  অধ্যক্ষ পি এ চাংমাই এই দল গঠন কৰিছিল। ‘তেওঁৰ উত্তৰ-পূবক আগুৱাই নিয়াৰ সপোন আছিল, তেওঁ নাই কিন্তু তেওঁৰ সপোন আমি আগুৱাই নিব লাগিব, দিল্লীত চৰকাৰ সলনি হয় কিন্তু আমি একেই থাকোঁ, কোনো এখন চৰকাৰে কয় Act East Policy আৰু আন এখন চৰকাৰে কয় Look East Policy, কিন্তু কামটো আমিয়ে কৰিব লাগিব৷ CAB অকলে বিৰোধিতা কৰোঁতে গুৰুত্ব দিয়া নাছিল।’– মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ।