123
নগাঁওঃ ‘৪২ৰ আন্দোলনত যৌৱন সঁপি দিয়া কুঞ্জলতা বৰা আৰু নাই। নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ হাতীগড়ৰ ‘৪২ৰ শ্বহীদ হেমৰাম বৰাৰ পত্নী কুঞ্জলতা বৰা (কৈকেয়ী)ৰ ৯৫ বছৰ বয়সত নগাঁৱৰ লক্ষীনগৰৰ নিজা বাসগৃহত মৃত্যু হয়।
বাৰ্দ্ধক্যজনিত কাৰণত মঙলবাৰে নিশা ১০.১০ বজাত পৰলোকপ্ৰাপ্তি ঘটা সৰবৰহী মহিলাগৰাকীৰ৷ তেওঁৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।