গুৱাহাটীঃ NRC প্ৰস্তুতকৰণৰ সময়ত ভাৰতীয় নাগৰিকক ভুৱা আপত্তি দৰ্শাই আৰ্থিক, মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰাৰ প্ৰতিবাদৰ লগতে শুদ্ধ আৰু নিকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰণৰ দাবীত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই মহানগৰীৰ চচলত ৩ ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাষ্ট্ৰপতি আৰু নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলালৈ এই সন্দৰ্ভত এখন স্মাৰক-পত্ৰও সংগঠনটোৱে প্ৰেৰণ কৰে।