চৰাইদেউঃ আহোম শাসন কালত ধোদেও কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছিল ৰাজপথ। বুৰঞ্জীত উল্লেখ থকা অনুযায়ী ধোদৰ হতুৱাই নিৰ্মাণ কৰা হোৱা এই ধোদৰ আলি এতিয়া আধুনিক যুগত ঠিকাদাৰে কেবা বছৰ ধৰি নিৰ্মাণ কৰিবলৈ সমৰ্থ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।
উত্থাপিত অভিযোগ অনুযায়ী চৰাইদেউ জিলাৰ মাজেৰে শিৱসাগৰ আদি অঞ্চললৈ যাতায়তৰ একমাত্র সম্বল ঐতিহাসিক ধোদৰ আলি পথটো কিছু বছৰ পূৰ্বে ডিব্ৰুগড়ৰ জনৈক মুন বৰদলৈ নামৰ ঠিকাদাৰজনে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও সময় উকলি যোৱাৰ পিছতো আজিকোপতি নিৰ্মাণ সমাপ্ত নোহোৱাত অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ।