92
জয়সাগৰঃ আমাৰ পূৰ্বপুৰুষৰ স্মৃতি পানীত ডুব গৈ থাকে৷ চকুৰ সন্মুখতে ধ্বংসৰ দিশে পুৰ্বপুৰুষৰ স্মৃতি৷ অসমীয়াৰ বাবে ইয়াতকৈ বিড়ম্বনা কি হব পাৰে? অসমৰ ঐতিহাসিক চহৰ বুলি ক’লেই প্ৰথমতেি সকলোৰে মনলৈ আহে শিৱসাগৰৰ নামটো৷
শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাই বৰ বৰ পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাখনত আজিও ভৰপূৰ।