বিশেষ প্ৰতিবেদনঃ গালৱান উপত্যকাক লৈ ক্ৰমাৎ তুংগত উঠিছে চীন-ভাৰতৰ সংঘাত। চীনে গালৱান উপত্যকাত নিজৰ দখল সাব্যস্ত কৰিবলৈ অহৰহ চেষ্টা চলাই অহাৰ সময়তে তেনে কাৰ্যক প্ৰত্যাহ্বান জনাইছে ৬০ বছৰীয়া এজন বিশেষ ব্যক্তিয়ে। এই বিশেষ ব্যক্তিজনৰ পূৰ্বপুৰুষৰ সৈতে জড়িত হৈ আছে গালৱান উপত্যকাৰ নামৰ ইতিহাস।
দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘দ্য প্ৰিণ্ট’কে ধৰি কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৬০ বছৰীয়া বিশেষ ব্যক্তিজনে বৰ্ণনা কৰিছে কিদৰে স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁৰ ককাদেউতাকৰ নামেৰে সেই উপত্যকাৰ নাম গালৱান উপত্যকা ৰাখিছিল। ৬০ বৰ্ষীয় এই বিশেষ ব্যক্তিজন হৈছে গালৱান উপত্যকাৰ ইতিহাসৰ সৈতে জড়িত গোলাম নবী গালৱান।