বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মুছলমানে প্ৰতি বছৰে ছৌদি আৰৱলৈ যায়৷ উদ্দেশ্য মক্কা দৰ্শন বা ইছলামৰ ভাষাৰে হজ। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ১৪ জুনৰ পৰা ১৯ জুনলৈ হজযাত্ৰা অনুষ্ঠিত হয়। গ্ৰীষ্ম প্ৰবাহৰ বাবে এইবাৰৰ হজযাত্ৰাত কেবা শতাধিক লোকৰ মৃ্ত্যু হোৱাক লৈ সমগ্ৰ বিশ্বতে ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। লগতে ২০২৬ চনৰ পিছত একেৰাহে ১৬ বছৰৰ বাবে হজৰ সময় গ্ৰীষ্ম ঋতুত নপৰিব বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। 

ছৌদি বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰবক্তা হোছেইন অল-কাটানিয়ে জনোৱা মতে ২০২৬ চনৰে পৰা ক্ৰমাগতভাৱে ৮ বছৰৰ বাবে হজ বসন্ত কালত পৰিব। ইয়াৰ পিছত আৰু ৮ বছৰৰ বাবে হজ শীত কালত অনুষ্ঠিত হ’ব। তেওঁ আৰু কয় যে ২০২৫ চনৰ হজেই হ’ব গ্ৰীষ্ম কালৰ অন্তিমটো হজ। তেওঁ কয়, ''২০২৬ চনত জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত হজে নতুন মাত্ৰা লাভ কৰিব। অহা ১৭ বছৰৰ বাবে আমি আৰু গ্ৰীষ্মকালৰ হজ দেখিবলৈ নাপাম। 

জলবায়ু পৰিৱৰ্তনক লৈ গৱেষণা কৰি অহা ছৌদি আৰৱৰ শ্বুৰা কাউন্সিলৰ সদস্য ডঃ মনছুৰ আল মাজৰুইয়ে কয় যে ২০২৫ বৰ্ষৰ গ্ৰীষ্মকালৰ হজৰ পিছতেই হজ একেৰাহে ৮ বছৰৰ বাবে বসন্ত কালত পৰিব আৰু তাৰ পিছত শীতকালত পৰিব। তেওঁ কয়, ''১৪৫৪ হিজৰী বৰ্ষৰ পৰা ১৪৬১ হিজৰী বৰ্ষৰ সময়ছোৱাত হজ শীতকালত পৰিব। ইয়াৰ পিছত ১৪৬২ হিজৰী বৰ্ষৰ পৰা ১৪৬৯ হিজৰী বৰ্ষলৈ হজ শৰৎ কালত পৰিব। এনেদৰে চাৰিটা ঋতুৱে ৩৩টা হিজৰী বৰ্ষত ঋতুচক্ৰ সম্পন্ন কৰিব আৰু ১৪৭০ হিজৰী বৰ্ষত পুনৰ ক্ৰমাগতভাৱে ৯ বছৰৰ বাবে হজৰ সময় গ্ৰীষ্মকালত পৰিব।’’

ছৌদি আৰৱৰ মক্কাৰ কাবাক ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়। ইছলামৰ এই প্ৰাচীন ধৰ্মীয় অনুষ্ঠান বিশ্বৰ মুছলমানসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবাৰো ২০ লাখতকৈ অধিক মুছলমানে হজৰ বাবে ছৌদি আৰৱত উপস্থিত হোৱাৰ তথ্য প্ৰকাশ কৰিছে হজ কমিটিয়ে৷ 

ইছলাম ধৰ্মাৱলম্বীসকল হজলৈ যোৱাৰ উদ্দেশ্য কি?

ইছলামৰ মুঠ পাঁচটা স্তম্ভৰ ভিতৰত হজ পঞ্চম স্তম্ভ। সুস্থ আৰু আৰ্থিকভাৱে সক্ষম মুছলমান ব্যক্তিয়ে জীৱনত এবাৰ হ’লেও হজলৈ যাবলৈ আশা কৰে৷ হজ কৰা মানে অতীতৰ পাপ মচি পেলোৱাৰ এক সুযোগ৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ বিশ্বাস যে, হজৰ পিছত ব্যক্তিজনৰ অতীতৰ সকলো পাপ মচা যায়৷ হজৰ পাছতেই ব্যক্তিজনৰ নতুন জীৱন আৰম্ভ হয়৷ মুছলমান মানুহে সেয়ে জীৱনত এবাৰ হ’লেও হজলৈ যাবলৈ হেঁপাহ কৰে৷

হজলৈ যাবলৈ সামৰ্থ্য নথকাসকলক আৰ্থিক সাহায্য প্ৰদান কৰে ইছলাম ধৰ্মগুৰু আৰু সংগঠনসমূহে। একাংশ মুছলমানে নিজৰ জীৱনৰ সকলো উপাৰ্জন সঞ্চয় কৰি হজলৈ যায়। বহু হাজীয়ে পৃথিৱীৰ বিভিন্ন কোণৰ পৰা খোজকাঢ়ি হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি মক্কাত উপস্থিত হয়।

ইছলামৰ পাঁচটা স্তম্ভ মুছলমানসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই স্তম্ভবোৰ পাঁচটা সংকল্পৰ দৰে। হজ হৈছে এই পাঁচটা স্তম্ভৰ পঞ্চমটো স্তম্ভ। বাকী চাৰিটা স্তম্ভ হৈছে— কলিমা বা তৌহিদ, নামাজ, ৰোজা আৰু জাকাত।

কলিমা বা তৌহিদ হৈছে মহম্মদ আল্লাহ প্ৰেৰিত ৰছুল আৰু আল্লাহ এক বুলি কৰা বিশ্বাস। দ্বিতীয় স্তম্ভ নামাজ অনুযায়ী দিনটোত পাঁচবাৰকৈ নমাজ পঢ়া এজন মুছলমানৰ বাবে জৰুৰী৷ তৃতীয় স্তম্ভ ৰোজাৰ মতে ৰমজান মাহত মুছলমান সমাজে সূৰ্য উঠাৰ আগতেই খাদ্য গ্ৰহণ কৰি দিনটো উপবাসে থাকি পুনৰ সূৰ্যাস্তৰ পাছতহে খাদ্য গ্ৰহণ কৰা৷ চতুৰ্থ স্তম্ভ জাকাত হৈছে দুখীয়া আৰু আৰ্তজনক দিয়া দান। 

হজৰ ইতিহাস

প্ৰায় চাৰি হাজাৰ বছৰ আগতে মক্কা সম্পূৰ্ণ নিজান এক এলেকা আছিল৷ মুছলমানসকলে বিশ্বাস কৰে যে আল্লাহে হজৰত ইব্ৰাহিমক তেওঁৰ পত্নী হাজৰা আৰু পুত্ৰ ইছমাইলক পেলেষ্টাইনৰ পৰা আৰৱলৈ পঠিয়াই দিবলৈ নিৰ্দেশ দিছিল যাতে প্ৰথম পত্নী ছাৰা কল্ডৰ ঈৰ্ষাৰ পৰা তেওঁলোক ৰক্ষা পৰে৷

আল্লাহে হজৰত ইব্ৰাহিমক ভাগ্যৰ ওপৰত সকলো এৰি দিবলৈ কৈছিল। কিছু খাদ্য সামগ্ৰী আৰু কিছু পানী দি পঠিয়াই দিয়া হৈছিল ইব্ৰাহিমৰ পৰিয়ালক। কিন্তু তেওঁলোকে বান্ধি নিয়া খাদ্য আৰু পানী কেইদিনমানৰ ভিতৰতে শেষ হৈ যায়। খাদ্য নাপায় পানী নাপায়, হাজৰা আৰু ইছমাইল ভোক আৰু পিয়াহত আতুঁৰ হৈ পৰে৷

মুছলমানসকলৰ মতে মক্কাত অৱস্থিত ছাফা আৰু মাৰৱাৰ পাহাৰৰ পৰা হাজৰা সহায়ৰ বিচাৰি নামি আহিছিল। ভোক আৰু ভাগৰত ক্লান্ত হাজৰাই তললৈ পৰি আল্লাহৰ ওচৰত দুখ-কষ্টৰ পৰা সকাহ পাবলৈ প্ৰাৰ্থনা কৰিলে। ইফালে ইছমাইলেও পিয়াহ আৰু ভোকত আঁতুৰ হৈ কান্দি কান্দি ভৰিৰে মাটিত মৰিয়াই আছিল৷ ইছমাইলে যেতিয়া মাটিত ভৰিৰে মাৰি আছিল তেতিয়াই হঠাৎ এক পানীৰ ফোঁৱাৰা ওলাই আহে৷ সেই পানীয়েই ইছমাইল আৰু তেওঁৰ পৰিয়ালটোক সঁকাহ প্ৰদান কৰিলে৷

ইছমাইলৰ মাতৃ হাজাৰাই সেই পানীৰ ফোঁৱাৰাটোৰ পৰাই প্ৰয়োজনীয় পানী সংগ্ৰহ কৰিবলৈ ল’লে৷ পাছতেই এই পানীৰ কুঁৱাটোকেই আব-ঈ-জমজাম অৰ্থাৎ জমজম কুঁৱা বুলি কোৱা হয়৷ মুছলমানসকলে এই পানীক আটাইতকৈ পৱিত্ৰ পানী বুলি গণ্য কৰে আৰু হজৰ পিছত সকলো হজযাত্ৰীয়ে এই পৱিত্ৰ পানী ঘৰলৈ আনে৷ 

হজৰত ইব্ৰাহিম যেতিয়া পেলেষ্টাইনৰ পৰা উভতি আহিছিল, তেতিয়া তেওঁ দেখা পায় যে আৰৱৰ মৰুভূমিতো তেওঁৰ পৰিয়ালে ভাল জীৱন যাপন কৰি আছে৷ মুছলমানসকলে বিশ্বাস কৰে যে, এই সময়ছোৱাত আল্লাহে হজৰত ইব্ৰাহিমক সপোন দেখুৱাইছিল যে, যি স্থানত কুঁৱাটো আছে সেই স্থানকেই মুছলমানৰ এক তীৰ্থস্থানৰ নামত উচৰ্গা কৰক৷ 

আব্ৰাহাম আৰু ইছমাইলে উক্ত স্থানত তেতিয়াই শিলৰ এটা সৰু অট্টালিকা নিৰ্মাণ কৰিছিল। ইয়াক কাবা বোলা হয়। মুছলমানসকলে প্ৰতি বছৰে ইয়ালৈ আহে৷ শতিকাৰ পাছত শতিকা ধৰি এই বিশ্বাস চলি আহিছে৷ এই স্থানক পৱিত্ৰ জ্ঞান কৰি অহা হৈছে৷ মক্কা তেতিয়াৰ পৰাই এখন সমৃদ্ধিশালী চহৰত পৰিণত হৈছে৷ মক্কাক পৰিপূৰ্ণ চহৰ হিচাপে গঢ়ি তোলাত এই জমজম কুঁৱাৰ বিশেষ গুৰুত্ব আছে৷

লাহে লাহে এই স্থানত মানুহে বিভিন্ন দেৱতাক পূজা কৰিবলৈ ধৰিলে। পয়গম্বৰ ইব্ৰাহিমে নিৰ্মাণ কৰা পৱিত্ৰ অট্টালিকাটোত বহুতে একাধিক মূৰ্তি স্থাপন কৰিবলৈ ল’লে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে পূজা-পাতলৰ নামত উক্ত স্থানত ধৰ্মীয় অনিয়ম বৃদ্ধি পাবলৈ লোৱাত অন্তিমগৰাকী পয়গম্বৰ হজৰত মহম্মদক (৫৭০-৬৩২) আল্লাহে কাবাক পুনৰ পূৰ্বৰ দৰে কৰি তোলাৰ লগতে কেৱল যাতে আল্লাহৰহে উপাসনা চলে তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

আল্লাহৰ এই নিৰ্দেশ শিৰোধাৰ্য কৰি ৬২৮ চনত হজৰত মহম্মদে তেওঁৰ ১৪০০ অনুগামীৰ সৈতে এক যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰাই ইছলামৰ প্ৰথম তীৰ্থ যাত্ৰা হিচাপে পৰিগণিত হয় আৰু এই যাত্ৰাৰেই হজৰতে কাবাত ধৰ্মীয় পৰম্পৰা পুনৰ প্ৰতিষ্ঠা কৰে। এই যাত্ৰাকেই পাছলৈ হজ বোলা হয়।

হজযাত্রীসকলে হজলৈ গৈ কি কৰে?

হজযাত্ৰীসকলে প্ৰথমে ছৌদি আৰৱৰ জিদ্দা চহৰত উপস্থিত হয়। তাৰপৰা বাছেৰে মক্কা চহৰলৈ যায়। কিন্তু মক্কাৰ ঠিক আগতে এটা বিশেষ স্থান আছে য’ৰ পৰা আৰম্ভ হয় হজৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰু ভেৰিফিকেচনৰ কাম। এই বিশেষ ঠাইখন মক্কা চহৰৰ পৰা আঠ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত। এই বিশেষ ঠাইখনৰ নাম মীকাত। 

হজলৈ যোৱা সকলো যাত্ৰীয়ে এই স্থানৰ পৰা এক বিশেষ ধৰণৰ কাপোৰ পৰিধান কৰে, যাক আহৰাম বুলি কোৱা হয়। অৱশ্যে একাংশ লোকে ঘৰৰ পৰাই আহৰাম পিন্ধি যাত্ৰা কৰে। আহৰাম চিলাই কৰা নহয়। মহিলাসকলে আহৰাম পিন্ধাৰ প্ৰয়োজন নাই, তেওঁলোকে নিজৰ পছন্দৰ যিকোনো কাপোৰ পিন্ধিব পাৰে। ইয়াৰ বাহিৰেও হাজীসকলে আন কেইবাটাও কাম কৰিব লাগে৷ এই কামসমূহ হৈছেঃ

▪️ এই সময়ছোৱাত স্বামী-স্ত্ৰীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰে।
▪️ চুলি, নখ কাটিব নোৱাৰে
▪️ পাৰফিউম বা আন কোনো সুগন্ধি ব্যৱহাৰ কৰিব নোৱাৰে৷
▪️ কাজিয়া-পেচাল কৰিব নালাগে৷ কোনো জীৱ-জন্তু হত্যা কৰাৰ পৰা বিৰত থাকিব লাগে।
▪️ মক্কা পোৱাৰ পিছত মুছলমানসকলে প্ৰথমে উমৰাহ কৰে।
▪️ উমৰা এটা ধৰ্মীয় প্ৰক্ৰিয়া। এটা বিশেষ মাহত হজ কৰা হয় যদিও বছৰৰ যিকোনো সময়তে উমৰাহ কৰিব পাৰি। কিন্তু হজলৈ যোৱাসকলেও সাধাৰণতে উমৰাহ কৰে যদিও সেয়া বাধ্যতামূলক নহয়। উমৰাহৰ সময়ত হজত কৰা বহুতো ধৰ্মীয় ৰীতি-নীতি পালন কৰা হয়।

ইছলামিক জিল-হিজ মাহৰ ৮ তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে হজ আৰম্ভ হয়। ৮ তাৰিখে হাজী মক্কাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰৈৰ মীনা চহৰলৈ যায়। হাজীয়ে ৮ তাৰিখে নিশা মিনাত কটায় আৰু পিছদিনা পুৱা অৰ্থাৎ ৯ তাৰিখে আৰাফাতত উপস্থিত হয়। হজযাত্ৰীসকলে আৰফতত আল্লাহক স্মৰণ কৰে আৰু নিজৰ অপৰাধৰ বাবে ক্ষমা বিচাৰে। সন্ধিয়া হাজী মুজদালিফা চহৰলৈ যায় আৰু ৯ তাৰিখৰ নিশা তাতেই কটায়। ১০ তাৰিখৰ পুৱা পুনৰ মীনা চহৰলৈ উভতি যায় হাজী৷

ইয়াৰ পিছত তেওঁলোকে এটা বিশেষ স্থানলৈ গৈ প্ৰতীকীভাৱে চয়তানৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। ইয়াৰ নাম জামাৰত। প্ৰায়ে এই বৰ্ষত এই কাম কৰিবলৈ গৈয়েই মৃত্যুক সাবটিছে বহু হজযাত্ৰীয়ে৷ চয়তানক শিলগুটি মৰাৰ পিছত তীৰ্থযাত্ৰীসকলে এটা ছাগলী বা ভেড়া বলি দিয়ে। ইয়াৰ পিছত পুৰুষে মূৰৰ চুলি খুৰাই দিয়ে আৰু মহিলাই চুলিৰ কিছু অংশ কাটে।

ইয়াৰ পিছত হজযাত্ৰীসকলে মক্কালৈ উভতি আহি সাতবাৰ কাবা প্ৰদক্ষিণ কৰে, যাক ধৰ্মীয়ভাৱে টাৱাফ বুলি কোৱা হয়। মক্কাৰ এই প্ৰক্ৰিয়া সম্পন্ন কৰি হজযাত্ৰীসকলে মক্কাৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰৈৰ মদিনা চহৰলৈ যায় আৰু তাত থকা মছজিদ-ই-নবাৱীত নমাজ পঢ়ে। হজৰ ধৰ্মীয় প্ৰক্ৰিয়াৰ লগত ইয়াৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও যিহেতু এই মছজিদটো হজৰত মহম্মদে নিৰ্মাণ কৰিছিল, সেয়েহে প্ৰতিজন মুছলমানে ইয়াক কাবাৰ পিছত দ্বিতীয় গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান বুলি গণ্য কৰে। হজৰত মহম্মদৰ সমাধিও ইয়াতে আছে। হজৰ তীৰ্থযাত্ৰীসকলেও সেয়ে এই স্থান ভ্ৰমণ কৰে।

হজলৈ বছৰি কিমান লোক যায়?

যোৱা বৰ্ষত অৰ্থাৎ ২০২৩ চনত সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ১.৮৩ মিলিয়ন লোকে হজ যাত্ৰা কৰিছিল আৰু ইয়াৰে প্ৰায় আধা সংখ্যকে ভ্ৰমণ কৰিছিল ছৌদি আৰৱৰ ধৰ্মীয় কেন্দ্ৰ আল-উমৰাহ। যোৱা এটা দশকত প্ৰতি বছৰে গড়ে ২৫ লক্ষ মুছলমানে হজ যাত্ৰা কৰি আহিছে। ইয়াৰ লগত জড়িত দুটা কথা অতি গুৰুত্বপূৰ্ণ।

প্ৰথম কথাটো হ’ল, বছৰৰ এটা নিৰ্দিষ্ট সময়তহে হজ যাত্ৰা কৰা হয় আৰু দ্বিতীয়তে, ছৌদি আৰৱে হজলৈ অহা লোকৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিখন দেশৰ বাবে কোটা নিৰ্ধাৰণ কৰিছে। হজলৈ যোৱা বৃহৎ সংখ্যক লোক ছৌদি আৰৱতো বসবাস কৰা লোক। তাৰে বহুতেই বিভিন্ন দেশৰ নাগৰিক।

যোৱা দহ বছৰত ছৌদি আৰৱৰ ভিতৰৰ পৰা হজ কৰা মুছলমানৰ সংখ্যা আন দেশৰ পৰা অহা হজযাত্ৰীৰ তুলনাত প্ৰায় আধা হৈছে। কিন্তু মন কৰিবলগীয়া যে, বিশ্বৰ মুছলমান জনসংখ্যাৰ মাত্ৰ দুশতাংশইহে চৌদি আৰৱত বাস কৰে। কিন্তু যোৱা দহ বছৰে এই দেশত এক তৃতীয়াংশ হাজী মুছলমান বসবাস কৰে। ইয়াৰ কাৰণ আছে, ইয়াৰ পৰা মক্কা ওচৰত, মানুহে নিজৰ ধৰ্মীয় দায়িত্ব বুজি পায় আৰু ইয়াৰ মুছলমানৰ বাবে হজ যাত্ৰা কম খৰচী অৰ্থাৎ সস্তীয়া হয়।

আল্লাহৰ আশীৰ্বাদ বিচাৰি গোটেই বছৰটোতে উমৰাহ দৰ্শনৰ বাবে যায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুছলমানসকলে। লক্ষণীয় যে, যোৱা বছৰ সমগ্ৰ বিশ্বৰ প্ৰায় ১ কোটি ৩৫ লাখ লোকে ছৌদি আৰৱৰ ধৰ্মীয় কেন্দ্ৰৰূপে পৰিচিত উমৰাহ দৰ্শনৰ বাবে গৈছিল। ছৌদি আৰৱে প্ৰকাশ কৰা অনুসৰি, যোৱা বছৰ এই ভ্ৰমণত প্ৰায় ৮.৭ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছিল। ছৌদি আৰৱলৈ যোৱা মুছলমানসকলৰ ৮০ শতাংশতকৈ অধিক লোকে উমৰাহ দৰ্শন কৰিছিল। সাত বছৰ পূৰ্বে উমৰাহ ভ্ৰমণ কৰা মুছলমানৰ সংখ্যা আছিল কেৱল মাত্ৰ ৪০ লাখ। 

হজৰ পৰা ছৌদি আৰৱৰ উপাৰ্জন?

যোৱা বছৰ ছৌদি আৰবে হজৰ পৰা প্ৰত্যক্ষভাৱে ১২ বিলিয়ন ডলাৰ লাভ কৰিছিল। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি ৭৬ হাজাৰ পাঁচশ কোটি টকাতকৈও অধিক। ছৌদি আৰব ভ্ৰমণলৈ অহা ৮ কোটি ৩৩ হাজাৰ তীৰ্থযাত্ৰীয়ে দেশখনত ব্যয় কৰিছিল মুঠ ২৩ বিলিয়ন ডলাৰ।

মুছলমানসকলে হজৰ বাবে ছৌদি আৰৱ ভ্ৰমণৰ সময়ত ব্যয় কৰা ধন দেশখনৰ অৰ্থনীতিৰ অংশ হৈ পৰে। এই সমগ্ৰ ধন ছৌদি আৰৱৰ আয় নহয় যদিও ই দেশখনৰ অৰ্থনীতিত এক বৃহৎ সহায় আগবঢ়ায়। মক্কা চেম্বাৰ এণ্ড কমাৰ্চে অনুমান কৰিছে যে বাহিৰৰ দেশৰ পৰা অহা মুছলমানসকলৰ হজৰ খৰচ ৪৬০০ ডলাৰ (প্ৰায় তিনি লাখ টকা), আনহাতে ঘৰুৱা তীৰ্থযাত্ৰীসকলৰ বাবে ১৫০০ ডলাৰ (প্ৰায় এক লাখ টকা) হয়।

এই খৰচ বিভিন্ন দেশৰ মানুহৰ বাবে ভিন্ন হয়। ইৰাণৰ পৰা অহা কনভয়ৰ প্ৰতিজন ব্যক্তিৰ ওপৰত এই ব্যয় প্ৰায় ৩০০০ ডলাৰ হয়। ইয়াৰ ভিতৰত ভ্ৰমণ, খাদ্য আৰু বজাৰ কৰাৰ নামত হোৱা খৰচো অন্তৰ্ভুক্ত। পাকিস্তান আৰু বাংলাদেশৰ মুছলমানসকলেও প্ৰায় সমান টকা খৰচ কৰিব লগা হয়।

নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন ইৰাণী তীৰ্থযাত্ৰীয়ে সংবাদ সংস্থা বিবিচিক জনোৱা মতে, এইবাৰৰ হজ তীৰ্থযাত্ৰাৰ বাবে তেওঁ ৮০০০ মাৰ্কিন ডলাৰৰ বাজেট নিৰ্ধাৰণ কৰিছে। অৱশ্যে ইয়াৰ ভিতৰত তেওঁৰ বহু ব্যক্তিগত খৰচো অন্তৰ্ভুক্ত। যিয়েই নহওক, এই ধন কোনোবা নহয় কোনোবা প্ৰকাৰে ছৌদি আৰৱৰ অৰ্থনীতিৰ অংশ হৈ পৰে।

মক্কালৈ কিমান লোক আহে?

ছৌদি আৰৱৰ চৰকাৰী তথ্য অনুযায়ী এই বছৰ প্ৰায় ১৮ লাখ লোকে হজ কৰিছে। ইয়াৰ ভিতৰত অধিক সংখ্যক তীৰ্থযাত্ৰী আহিছে ইণ্ডোনেছিয়াৰ পৰা। উল্লেখ্য যে, ছৌদি আৰৱে নিৰ্ধাৰণ কৰি দিয়া কোটা অনুসৰি, এই দেশখনৰ পৰা প্ৰতি বছৰে ২,২০,০০০ লোকে ছৌদিলৈ হজ যাত্ৰা কৰিব পাৰে। এয়া হৈছে সম্পূৰ্ণ হজ কোটাৰ ১৪ শতাংশ। ইয়াৰ পিছত পাকিস্তান (১১ শতাংশ), ভাৰত (১১ শতাংশ) আৰু বাংলাদেশ (৮ শতাংশ) কোটা লাভ কৰে। নাইজেৰিয়া, ইৰাণ, তুৰ্কিয়ে, ইজিপ্ত আদি দেশসমূহো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

খাৰুৱা তেল বিক্ৰীৰ পৰা পোৱা আয়ৰ তুলনাত হজ যাত্ৰাৰ পৰা লাভ কৰা ৰাজহ ছৌদি আৰৱৰ বাবে তেনেই নগণ্য। কিন্তু তেলৰ বাহিৰেও আন উপাৰ্জনৰ উৎস বৃদ্ধি কৰাটোৱেই হৈছে দেশখনৰ লক্ষ্য।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ অনুমান অনুসৰি অ’পেক (অৰ্গানাইজেশ্যন অৱ অইল প্ৰডিউচিং কাউণ্ট্ৰিছ)য়ে তেল উৎপাদন হ্ৰাস কৰাৰ সিদ্ধান্তৰ বাবে এই বছৰ ছৌদি আৰৱৰ অৰ্থনৈতিক বিকাশ শূন্যলৈ যাব। ছৌদি আৰৱ চৰকাৰে এই লোকচানৰ ক্ষতিপূৰণ আন উৎসৰ পৰা দিব বিচাৰিছে। যাৰ বাবে তেওঁলোকৰ বাবে ধৰ্মীয় পৰ্যটনৰ পৰা পোৱা আয় গুৰুত্বপূৰ্ণ হৈ পৰিছে।

হজযাত্ৰীৰ মৃত্যুৰ কাৰণ উৎকট গৰম নে আন কিবা?

ছৌদি আৰৱত হজ তীৰ্থযাত্ৰাৰ সময়ত শ শ লোকৰ মৃত্যু হৈছে। এই লোকসকলৰ অধিকাংশৰে মৃত্যুৰ কাৰণ আছিল অত্যন্ত গৰম, কাৰণ মানুহে ৫১ ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। সংবাদ সংস্থা এ এফ পিয়ে এজন আৰব কূটনীতিবিদৰ উদ্ধৃতি দি কয় যে হজ তীৰ্থযাত্ৰাৰ সময়ত কেৱল ৬৫৮ জন ইজিপ্তিয়ানৰ মৃত্যু হৈছে। ইণ্ডোনেছিয়াই কয় যে দেশখনৰ ২০০ৰো অধিক নাগৰিকৰ মৃত্যু হৈছে। সমান্তৰালভাৱে হজ যাত্ৰাৰ সময়ত ভাৰতৰো ৯৮ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

ইয়াৰ উপৰিও পাকিস্তান, মালয়েছিয়া, জৰ্ডান, ইৰাণ, চেনেগাল, টিউনিছিয়া, চুডান আৰু ইৰাকৰ স্বায়ত্তশাসিত কুৰ্দিস্তান অঞ্চলতো মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ মতে হজৰ তীৰ্থযাত্ৰাৰ সময়ত বহু আমেৰিকান লোকৰো মৃত্যু হৈছে।

সংবাদ সংস্থা এ এফ পিৰ প্ৰতিবেদন অনুসৰি মৃত্যু হোৱাসকলৰ আধাতকৈ অধিক লোকে তীৰ্থযাত্ৰী হিচাপে পঞ্জীয়ন কৰা নাছিল, যাৰ বাবে তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত তম্বু আৰু বাছৰ দৰে সুবিধা লাভ কৰিব পৰা নাছিল। বিশ্বাস কৰা হয় যে এইবাৰ ছৌদি আৰৱত অতি গৰম। তাত চলি থকা গৰমৰ লহৰৰ বাবে ইমান বৃহৎ সংখ্যক হজ তীৰ্থযাত্ৰীৰ মৃত্যু ঘটে।

ছৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ে গৰমৰ পৰা হাত সাৰিবলৈ পানী খাই থাকিবলৈ আহ্বান জনাইছিল, কিন্তু ইয়াৰ পিছতো বহু হজযাত্ৰী হিট ষ্ট্ৰোকৰ বলি হৈছিল। অতি উত্তাপৰ উপৰিও হজ যাত্ৰীসকলে শাৰীৰিক পৰিশ্ৰমও কৰিব লগা হয়। বৃহৎ মুকলি ঠাইত থাকিব লাগে যাৰ বাবে অত্যন্ত তাপ অনুভৱ হয়। বহু হজযাত্ৰী বৃদ্ধ আৰু শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ বাবে হজ যাত্ৰাৰ সময়ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

অৱশ্যে হজৰ সময়ত গৰমৰ ফলত মৃত্যু হোৱাটো অস্বাভাৱিক নহয়। ১৪০০ চনৰ পৰাই এনেকুৱা হৈ আহিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলি সকীয়াই দিছে বিজ্ঞানীসকলে। ক্লাইমেট এনালাইটিক্সৰ কাৰ্ল-ফ্ৰেড্ৰিচ শ্ব্লুছনাৰে সংবাদ সংস্থা ৰয়টাৰ্ছক কয়, “যোৱা ১০০০ বছৰ ধৰি গ্ৰীষ্মকালত হজ তীৰ্থযাত্ৰা চলি আহিছে যদিও জলবায়ু সংকটে এই পৰিস্থিতি আৰু বেয়া কৰি তুলিছে।”

তেওঁলোকৰ গৱেষণাৰ পৰা দেখা গৈছে যে ১৮৫০ চনৰ পৰা ১৯০০ চনৰ ভিতৰত আজিৰ উষ্ণতাৰ তুলনাত বিশ্বৰ উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে আৰু হজৰ সময়ত গৰমৰ আশংকা পাঁচগুণলৈকে বৃদ্ধি পাব পাৰে।

ইফালে ছৌদি প্ৰশাসনৰ অপব্যৱস্থাপনাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে বুলি বহু বাতৰি প্ৰকাশ পাই আহিছে। পৰিস্থিতি এনে হৈ পৰিছে যে ইতিমধ্যে তীৰ্থযাত্ৰীৰ বাবে নিৰ্ধাৰিত স্থানতো হজযাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। খবৰ অনুসৰি, হজযাত্ৰীৰ থকা-লোৱাৰ ব্যৱস্থা সঠিকভাৱে কৰা হোৱা নাছিল। প্ৰয়োজনতকৈ অধিক লোকক তম্বুত ৰখা হৈছিল, য’ত তেওঁলোকক গৰমৰ পৰা ৰক্ষা কৰাৰ কোনো উপযুক্ত ব্যৱস্থা নাছিল। ইয়াৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভতো মানুহে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

হজ কৰি থাকোতে কাৰোবাৰ মৃত্যু হ’লে কি হ’ব?

ছৌদি আৰৱত প্ৰতি বছৰে উৎকট গৰম, প্ৰচণ্ড ভিৰৰ মাজত পদপিষ্ট হৈ, অসুস্থ হৈ বা পথ দুৰ্ঘটনাকে ধৰি বিভিন্ন কাৰণত হজযাত্ৰীয়ে প্ৰাণ হেৰুৱাই আহিছে। এনে পৰিস্থিতিত মৃতকৰ চিনাক্তকৰণ আৰু সমাধিস্থ কৰাৰ দৰে অন্যান্য বিষয়ৰ দায়িত্ব ছৌদি আৰৱ চৰকাৰে লয়। ছৌদি আৰৱৰ হজ আইনত স্পষ্টকৈ উল্লেখ আছে যে যদি কোনো ব্যক্তিয়ে হজ কৰি থকাৰ সময়ত প্ৰাণ হেৰুৱায় তেন্তে তেওঁৰ মৃতদেহ নিজৰ দেশলৈ পঠোৱা নহ’ব, বৰঞ্চ ছৌদি আৰৱতেই সমাধিস্থ কৰা হ’ব।

প্ৰতিজন হজযাত্ৰীয়ে নিজৰ হজৰ আবেদন প্ৰ-পত্ৰত ঘোষণা কৰে যে যদি তেওঁৰ যাত্ৰাৰ সময়ত বা ছৌদি আৰৱত মৃত্যু হয়, তেন্তে তেওঁৰ মৃতদেহ নিজৰ দেশলৈ পঠোৱা নহ’ব বৰঞ্চ ছৌদি আৰৱতেই সমাধিস্থ কৰা হ’ব। এই সন্দৰ্ভত যদি পৰিয়ালৰ কোনোবাই কোনো আপত্তি উত্থাপন কৰে তেন্তে সেয়া মানি লোৱা নহ’ব। 

যদি ছৌদি আৰৱত হজৰ বাবে যোৱা লোকসকলে নিজৰ শিবিৰত বা পথত বা চিকিৎসালয়ত দুৰ্ঘটনাত মৃত্যুবৰণ কৰে, তেন্তে এই খবৰটো প্ৰথমে চৌদি আৰৱত থকা সংশ্লিষ্ট দেশখনৰ হজ মিছনক দিয়া হয়। বহু সময়ত চিকিৎসালয়ৰ বিষয়া বা সাধাৰণ মানুহে এই তথ্য পোনপটীয়াকৈ হজ মিছনক দিয়ে। এজন ব্যক্তিৰ মৃত্যু ক’ত কেনেকৈ হ’ল তাৰ ওপৰতো নিৰ্ভৰ কৰে।

কিছু গুৰুত্বপূৰ্ণ তথ্য যেনে মৃতকৰ নাম, বয়স, সংস্থা, দেশ, পৰিচয় পত্ৰ নম্বৰ আৰু চিনাক্তকৰণ বেণ্ডৰ পৰা লাভ কৰিব পাৰে। উল্লেখ্য যে, হজ যাত্ৰাৰ সময়ত তীৰ্থযাত্ৰীসকলে হাতত অথবা ডিঙিত চিনাক্তকৰণ বেণ্ড পৰিধান কৰিব লাগে। ইয়াৰ  দ্বাৰাই যাত্ৰীজনৰ মৃতদেহটো চিনাক্ত কৰা হয়। যদি মৃত হাজীৰ কোনো আত্মীয় বা চিনাকি থাকে, তেন্তে তেওঁলোকেও তেওঁক চিনাক্ত কৰে।

মৃতকৰ পৰিয়ালৰ লোকে যদি শেষবাৰৰ বাবে মৃতকক চাবলৈ চৌদি আৰৱলৈ যাব বিচাৰে তেন্তে সেয়া সম্ভৱ নহয়, কিন্তু যদি তেওঁলোক মক্কাত উপস্থিত থাকে তেন্তে তেওঁলোকে মৃতদেহটো শেষবাৰৰ বাবে চোৱাৰ আৰু অন্ত্যেষ্টিক্ৰিয়াত ভাগ লোৱাৰ সুযোগ লাভ কৰে। মৃতদেহ চিনাক্তকৰণৰ পিছত ওচৰৰ চিকিৎসালয়, হজৰ কাৰ্যালয় বা চিকিৎসা কেন্দ্ৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত চিকিৎসকৰ পৰা প্ৰমাণ পত্ৰ বা মৃত্যুৰ প্ৰমাণ পত্ৰ লাভ কৰিব পাৰে। মৃতদেহ চিনাক্তকৰণ আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পিছত স্নান কৰোৱা আৰু সমাধিস্থ কৰাৰ কাম আৰম্ভ হয়।

মক্কা, মিনা বা মুজদালিফাত থকাৰ সময়ত যদি কোনো হাজীৰ মৃত্যু হয়, তেন্তে তেওঁৰ নামাজ-ঈ-জানাজা মছজিদ আল-হাৰাম বা কাবা শ্বৰীফত আগবঢ়োৱা হয়। আৰু যদি কোনোবাই মদীনাত মৃত্যুবৰণ কৰে, তেন্তে মছজিদ-ই-নবাৱীত নমাজ-ই-জানাজা আগবঢ়োৱা হয়। ইয়াৰ বাহিৰেও জেদ্দা বা আন কোনো ঠাইত যদি কোনো হাজীয়ে প্ৰাণ হেৰুৱায় তেন্তে স্থানীয় মছজিদত তেওঁৰ নামাজ-ঈ-জানাজা আগবঢ়োৱা হয়।