নলবাৰীবাসী ৰাইজে এইকেইদিন জ্বলাকলা খাইছে! নদীত পানী বাঢ়িছে, পানী বাঢ়িছে নলবাৰী চহৰতো। বিগত সময়ৰ ধাৰাসাৰ বৰষুণৰ পিছত কৃত্ৰিম বানত সম্পূৰ্ণৰূপে বুৰ যোৱা নলবাৰীৰ মাজমজিয়াত এতিয়া অচল হৈ পৰিছে স্বাভাৱিক জীৱন। পানীৰ বাবে নলবাৰীবাসীৰ এনে আলৈ-আথানিৰ মাজতে আজি অনুষ্ঠিত হ’ল অসম চৰকাৰৰ ১৪ সংখ্যক বৰ্হিঃৰাজধানী কেবিনেট বৈঠকখন।
বানত বুৰ যোৱা চহৰখনৰ মাজেৰে পাৰ হৈ আজি নলবাৰী জিলা প্ৰশাসনৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেটৰ আন আন সতীৰ্থ মন্ত্ৰীসকল। এই বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি কেবিনেট বৈঠকত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীয়ে।