Photo Source: Internet

ডিজিটেল ডেস্কঃ এডলফ হিটলাৰে প্ৰাচীন ভাৰতীয় গ্ৰন্থ পঢ়ি টাইম মেচিন সাজিবলৈ উত্সাহিত হৈ পৰিছিল। এই কথা প্ৰকাশ পাইছে ৰাজস্থানৰ উচ্চতৰ মাধ্যমিক বিভাগৰ মাহেকীয়া আলোচনী শিবিৰা পত্ৰিকাত। 

বিকানেৰৰ শিক্ষকতা কৰা দীপক জোশী নামৰ ব্যক্তিজনে লিখা 'পশ্চিম ভাৰত আৰু বিজ্ঞান’ শীৰ্ষক উক্ত নিবন্ধটোত আলোচনীখনৰ ফেব্ৰুৱাৰী সংখ্যাত প্ৰকাশ পাইছে। 

'এলবাৰ্ট আইনষ্টাইনেও প্ৰাচীন ভাৰতীয় গ্ৰন্থৰ ভূঁয়সী প্ৰশংসা কৰিছিল। হিটলাৰেও পশ্চিম ভাৰতীয় গ্ৰন্থ অধ্যয়ন কৰি টাইম মেচিন সাজিবলৈ ইচ্ছা কৰিছিল।’ - এনেদৰেই লিখা আছে নিবন্ধটোত। 

চৰকাৰী আলোচনীখনৰ জ্যেষ্ঠ সম্পাদক জয়পাল সিং ৰথীয়ে এই সন্দৰ্ভত কয়- 'নিবন্ধবোৰত লিখাখিনি লেখকৰ নিজস্ব মতামত, আমি সেয়া সাল-সলনি নকৰো, মাত্ৰ বানান আৰু ব্যাকৰণহে শুধৰাও।’

আকৌ ভাৰতীয় প্ৰাচীন গ্ৰন্থ পঢ়ি হিটলাৰে টাইম মেচিন সাজিব বিচাৰিছিল বুলি ইণ্টাৰনেটত পাইহে লিখা বুলি বিকানেৰৰ শিক্ষক জোশীয়ে কয়।        

 

Source: indianexpress.com