প্ৰতিকী ফটো
প্ৰতিকী ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা প্ৰকাশিত এটা ৰিপোৰ্ট অনুযায়ী জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে চলোৱা যুদ্ধত শিশুসকলকৰ ব্যৱহাৰ কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদ তথা হিজবুল মুজাহিদিনে৷

শিশু আৰু অস্ত্ৰ যুদ্ধৰ ওপৰত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সচিবৰ তৰফৰ পৰা প্ৰকাশিত বাৰ্ষিক ৰিপোৰ্ট (২০১৭ৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ) অনুসৰি যোৱা এটা বৰ্ষত বিশ্ব সন্ত্ৰাসৰ স্বীকাৰ হৈছে ১০ হাজাৰ নিস্পাপ শিশু৷ সমীক্ষা মতে, ৮০০০ৰো অধিক শিশুক সন্ত্ৰাস বিয়পোৱাৰ বাবে ব্যৱহাৰ কৰিছিল সন্ত্ৰাসবাদী সংগঠনসমূহে৷ 

বিশ্বৰ ২০ খন দেশৰ ওপৰত সমীক্ষা চলাই এই ৰিপোৰ্ট তৈয়াৰ কৰে সংস্থাটোৱে৷ সমীক্ষা চলোৱা দেশ সমূহৰ ভিতৰত চিৰিয়া, আফগানিস্তান, ইয়েমেন, ভাৰত, ফিলিপাইন আৰু নাইজেৰিয়াও আছে৷

ভাৰতৰ সন্দৰ্ভত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সচিব এন্টনিঅ’ গুটেৰেসে জনাই, ভাৰতত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাবাহিনীৰ সংঘৰ্ষত সকলোতকৈ বেছি ক্ষতি হৈছে শিশুসকলৰ৷ শিশু ক্ষতিগ্ৰস্থ ঠাই সমূহৰ ভিতৰত অধিক ক্ষতি হৈছে চত্তিশগড়, ঝাৰখণ্ড আৰু জম্মু-কাশ্মীৰ৷ 

আনফালে অধিকাংশ সময়ত শিশু সকলক সন্ত্ৰাসবাদীয়ে খবৰ বাহক আৰু গুপ্তচৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ ৰাষ্ট্ৰ সংঘৰ ৰিপোৰ্টত প্ৰকাশ পোৱা অনুসৰি চত্তিশগড় আৰু ঝাৰখণ্ডৰ মাওবাদী সংগঠন সমূহে বিভিন্ন বে-আইনী কামত শিশুসকলৰ ব্যৱহাৰ কৰে৷

মাওবাদী অঞ্চলসমূহত যোৱা এটা বৰ্ষত ১৮৮ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে৷ কিন্তু কিমানজন শিশু মৃত্যু হৈছে, সেই বিষয়ে কোনো সঠিক তথ্য নাই৷ 

ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সচিব এন্টনিঅ’ গুটৰেসে ভাৰত চৰকাৰক অনুৰোধ জনাই কয় যে শিশুৰ সৈতে হোৱা এনে অন্যায় প্ৰতিৰোধ কৰিবলৈ ভাৰতে ৰাষ্ট্ৰ সংঘৰ সহযোগিতা ব্যৱস্থা গ্ৰহণ কৰা উচিত৷