newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই বছৰৰ অমৰনাথ যাত্ৰা৷ তাৰ ঠিক দুদিন পূৰ্বে সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ তৰফৰ পৰা এটা অডিঅ’ বাৰ্তা প্ৰকাশ কৰা হৈছে৷ য’ত সংগঠনটোৱে অমৰনাথ যাত্ৰীসকলৰ আশ্বস্ত কৰি তেওঁলোকক ভয়হীন ভাৱে যাত্ৰা কৰিবলৈ কয়৷
প্ৰায় ১৫ মিনিট দৈৰ্ঘ্যৰ অডিঅ’ বাৰ্তাটোত শুনিবলৈ পোৱা কন্ঠস্বৰ হিজবুল মুজাহিদিনৰ অপাৰেচনেল কামাণ্ডাৰ ৰিয়াজ আহমেদ নাইকুৰ বুলি অনুমান কৰা হৈছে৷ বাৰ্তাটোক জৰিয়তে তীৰ্থ যাত্ৰীসকলে নিশ্চিন্ত হৈ যাত্ৰা কৰিব পাৰিব বুলি আস্বস্তি প্ৰদান কৰা হৈছে৷