newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই বছৰৰ অমৰনাথ যাত্ৰা৷ তাৰ ঠিক দুদিন পূৰ্বে সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ তৰফৰ পৰা এটা অডিঅ’ বাৰ্তা প্ৰকাশ কৰা হৈছে৷ য’ত সংগঠনটোৱে অমৰনাথ যাত্ৰীসকলৰ আশ্বস্ত কৰি তেওঁলোকক ভয়হীন ভাৱে যাত্ৰা কৰিবলৈ কয়৷

প্ৰায় ১৫ মিনিট দৈৰ্ঘ্যৰ অডিঅ’ বাৰ্তাটোত শুনিবলৈ পোৱা কন্ঠস্বৰ হিজবুল মুজাহিদিনৰ অপাৰেচনেল কামাণ্ডাৰ ৰিয়াজ আহমেদ নাইকুৰ বুলি অনুমান কৰা হৈছে৷ বাৰ্তাটোক জৰিয়তে তীৰ্থ যাত্ৰীসকলে নিশ্চিন্ত হৈ যাত্ৰা কৰিব পাৰিব বুলি আস্বস্তি প্ৰদান কৰা হৈছে৷

তীৰ্থযাত্ৰী সকলক কাশ্মীৰি অতিথি বুলি অভিহিত কৰি অডিঅ’ ক্লিপটোত কোৱা হৈছে, ‘সম্প্ৰতি জম্মু-কাশ্মীৰৰ ডিজিপি এছডি বৈদ্যই অমৰনাথ যাত্ৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে বুলি জানিবলৈ দিছে৷ কাৰণ সন্ত্ৰাসবাদীয়ে তীৰ্থ যাত্ৰীসকলক আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷ কিন্তু এই অভিযোগ সম্পূৰ্ণ মিছা৷ অমৰনাথ যাত্ৰীসকলৰ ওপৰত আক্ৰমণ কৰাৰ কোনো উদ্দেশ্য আৰু পৰিকল্পনা আমাৰ নাই৷ তেওঁলোক ইয়ালৈ ধৰ্মীয় কাৰণত আহিব৷ তেনে তীৰ্থযাত্ৰী সকলৰ সৈতে আমাৰ কোনো শত্ৰুতাও নাই৷’

ইফালে, বাৰ্তাত ৯০ দশকত উপত্যকা এৰি যোৱা কাশ্মীৰি পণ্ডিত সকলৰ বাবেও হিজবুল মুজাহিদিনে মন্তব্য কৰে৷ ইচ্ছা কৰিলে কাশ্মীৰি পণ্ডিত সকলে কাশ্মীৰলৈ উভটি আহিব পাৰে বুলি উল্লেখ কৰি তেওঁলোকৰ বাবে কোনো পৃথক ক’লনি নিৰ্মাণ কৰা নহয় বুলিও স্পষ্ট কৰি দিয়ে সন্ত্ৰাসবাদী সংগঠনটোৱে৷

হিজবুল মুজাহিদিনৰ তৰফৰ পৰা প্ৰচাৰ কৰা এই অডিঅ’ ক্লিপটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ উল্লেখ্য যে, দক্ষিণ কাশ্মীৰৰ পহলগাম আৰু মধ্য কাশ্মীৰৰ বালতালৰ পৰা বৃহস্পতিবাৰে অমৰনাথ যাত্ৰাৰ আৰম্ভণি হ’ব৷ এই উপলক্ষে প্ৰশাসনে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে৷