মোৰাঝাৰঃ বিশ্বনাথ চাৰিআলিত ভূলুন্ঠিত অসমৰ মান-সন্মান। অসমত সংঘটিত হোৱা বিশ্বনাথ চাৰিআলি চৌকত আলী নামৰ বয়সস্থ লোকজনক একাংশ উগ্ৰ হিন্দুত্ববাদী লোকে মাৰপিট কৰাৰ লগতে বলপূৰ্বক বাবে গাহৰিৰ মাংস খোৱাই দিয়াত ৰাজ্যখনৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ উদ্দেশ্যে একাংশ উগ্ৰ হিন্দুত্ববাদীয়ে সংঘটিত কৰিলে এক অমানৱীয় কাণ্ড। বিশ্বনাথ চাৰিআলিত এজন ইছলাম ধৰ্মাৱলম্বী পিতৃ সমতুল্য বৃদ্ধ ব্যক্তিক গো মাংস বিক্ৰীৰ অভিযোগত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰি গাহৰি মাংস খুৱাই দেখুৱাইছিল বীৰত্ব। তাৰ পিছতেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এই জঘন্য ঘটনাৰ ভিডিঅ’।