Home ৰাজ্যহোজাইৰ নীলবাগান খেল পথাৰত কেবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত বিশিষ্ট কবি আতৰ আলী চৌধুৰীৰ জানাজা সম্পন্ন

হোজাইৰ নীলবাগান খেল পথাৰত কেবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত বিশিষ্ট কবি আতৰ আলী চৌধুৰীৰ জানাজা সম্পন্ন

by News Desk
A+A-
Reset
atar ali new

হোজাইঃ হোজাই জিলাৰ সাহিত্য চৰ্চাৰ প্ৰাণ, ‘দিয়াচলাইৰ কবি’ হিচাপে খ্যাত বিশিষ্ট শিক্ষাবিদ, কবি, সাহিত্যিক তথা সমাজসেৱক মৰহুম আতৰ আলী চৌধুৰীদেৱৰ জানাজা আজি এক শোকাকুল পৰিৱেশৰ মাজত কেবাসহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।গুণমুগ্ধৰ অতিৰিক্ত ভিৰৰ বাবে দুবাৰকৈ জানাজা নামাজ সম্পন্ন কৰিব লগীয়া হয়৷ প্ৰথমে তেখেতৰ এসময়ৰ কৰ্মস্থলী নীলবাগান মডেল উ:মা: বিদ্যালয়ৰ গাতে লাগি থকা নীলবাগান ৰাজহুৱা খেলপথাৰত আৰু পিছত ওপজা গাঁৱত জানাজা সম্পন্ন হয়৷  নীলবাগান খেলপথাৰত পুৱা ৯.৩০ বজাত কেবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ জানাজাৰ নামাজ পঢ়ায় বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা ইছলাম উদ্দিনে।তাৰ পিছত তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হয় তেখেতৰ মোবাৰকবস্তি বাসভৱনলৈ। মোবাৰকবস্তি মছজিদ প্ৰাঙ্গনত পুনৰ কেবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত জানাজাৰ নামাজ আদায় কৰি তেখেতৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়।
উল্লেখযোগ্য যে, নীলবাগানৰ সমীপৱৰ্তী মোবাৰকবস্তিৰ বাসিন্দা কবি আতৰ আলী চৌধুৰী দীৰ্ঘদিনৰ পৰা শ্বাস প্ৰশ্বাসজনিত অসুখত ভূগি শ্বিলংৰ নিগ্ৰিমছ হস্পিটেলত চিকিৎসাধীন হৈ আছিল।চিকিৎসাধীন অৱস্থাতে কালি দিনৰ এক বজাত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে হোজাইত এক কৰুণ পৰিৱেশৰ সৃষ্টি হয়। আতৰ আলী চৌধুৰী সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক বিত্ত সম্পাদক,হোজাই কবি সন্মিলনৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা,নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ, হোজাই জিলা সাহিত্য সভাৰ সক্ৰিয় সদস্য, ৱেষ্টাৰ্ন একাডেমীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, ডবকা  গুৰুকুল জুনিয়ৰ কলেজৰ অধ্যক্ষ, ডবাক বাৰ্তালোচনীৰ মুখ্য সম্পাদক, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থাকি সমাজসেৱাৰে অসমত এক সুকীয়া পৰিচয় লাভ কৰিছিল।
নীলবাগানৰ অঞ্চলৰ এজন অভিভাৱকৰ ৰূপত অৱতীৰ্ণ হোৱা আতৰ আলী চৌধুৰীদেৱৰ জানাজাত মৰ্কজুল মা’আৰিফৰ উপ সভাপতি মৌলানা শামচ উদ্দিন, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ, হিচাপ ৰক্ষক মৌলানা আব্দুল কুদ্দুছ, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বড়ভুঞা, আজমল ফাউণ্ডেচনৰ বিষয়বৱীয়া,সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া, হোজাই কবি সন্মিলনৰ সভাপতি হাচিনুচ চুলতান, বিশিষ্ট কবি তথা সাহিত্যিক ৰাজীৱ হুছেইন, মোৰাঝাৰ শাখা কবি সন্মিলনৰ সম্পাদক তথা সমন্বয় কাকতৰ সম্পাদক ছাদিকুজ জামান, ডবকা প্ৰেছ ক্লাবৰ সভাপতি আব্দুল হান্নান, জিলা জমিয়তৰ সভাপতি মৌলানা আজিৰ উদ্দিন,সমাজসেৱক আইনুল হক চৌধুৰী, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন, বিভিন্ন দল- সংগঠনৰ বিষয়বৱীয়াকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকি তেখেতৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায়। 

আতৰ আলী চৌধুৰীদেৱৰ বিয়োগত মৰ্মাহত হৈ আজি নীলবাগানৰ কেবাখনো বিদ্যালয় বন্ধ ৰখাৰ লগতে অৰ্ধ ছুটী ঘোষণা কৰা হয়। তাৰকাটা নৱজ্যোতি একাডেমী,মৌলানা মছদ্দৰ আলী বিদ্যাপীঠ, নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শোক সভা অনুষ্ঠিত কৰা হয়। জ্ঞান সম্ভাৰ আলোচনীৰ এগৰাকী নিয়মীয়া লেখক আতৰ আলী চৌধুৰীৰ মৃত্যুত আলোচনীখনৰ সম্পাদক মৌলানা আব্দুল কাদিৰ সমন্বিতে আলোচনী গোষ্টীয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। ইফালে অহা বৃহস্পতিবাৰে নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন ৰাজহুৱা শোকসভাৰ আয়োজন কৰা হৈছে। লগতে আতৰ আলী চৌধুৰীদেৱৰ জীৱনৰাজিৰ উপৰত এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়েহে সমূহ ৰাইজ,ছাত্ৰ ছাত্ৰী আৰু দল সংগঠনক অহা বৃহস্পতিবাৰে দিনৰ এক বজাত নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হবলগীয়া ৰাজহুৱা শোকসভাত উপস্থিত থাকিবলৈ বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভুঞাই অনুৰোধ জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0