মোৰাঝাৰঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী বহাগী বৰণ অনুষ্ঠান পহিলা বহাগতে হোজাই জিলা কবি সন্মিলনৰ উদ্যোগত আৰু ইয়াৰ অন্তৰ্ভুক্ত ডবকা, যমুনামুখ, মোৰাঝাৰ, নীলবাগান শাখা কবি সন্মিলনৰ সহযোগত ৰূপায়ন কৰা হয়৷ হোজাই জিলা কবি সন্মিলনৰ অন্তৰ্গত যমুনামুখ শাখা কবি সন্মিলনৰ সহযোগত যমুনামুখ অঞ্চলৰ পাঁচ গৰাকী বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সন্মান প্ৰদান কৰা হয়৷
হোজাই জিলা কবি সন্মিলনৰ সম্পাদক জমিৰ উদ্দিন তালুকদাৰৰ নেতৃত্বত আৰু ডবকা, যমুনামুখ শাখা কবি সন্মিলনৰ সভাপতিদ্বয় ক্ৰমে ৰফিক উদ্দিন, মিনতি দেৱী কাকতি, ডবকা শাখা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মইদুল আলম বৰভূঞাৰ সহযোগত যমুনামুখৰ পাঁচ গৰাকী ব্যক্তি ক্ৰমে মনেশ্বৰ বৰা, বীৰেণ বৰা, খগেন্দ্ৰ নাথ বৰুৱা, গোলোক বৰা, ভোগেশ্বৰী বৰাক সন্মান জনোৱা হয়৷