হোজাইঃ ‘হিন্দু ধৰ্ম মানে এক ৰীতি নীতি পালন কৰা এচাম ব্যক্তি নহয়। হিন্দুত্বই বিশ্বক বন্দনা কৰে, হিন্দুত্বই সৰ্বদা বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণৰ কথা কয় ।”-এই মন্তব্য অসমৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
হোজাই গীতা আশ্ৰমত তিনিদিনীয়া বৰ্ণাঢ্য কার্যসূচীৰে আয়োজিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ উদ্বোধন আৰু বিষ্ণু বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ আজি অন্তিম দিনাৰ বেদ পাঠ আৰু ধৰ্মালোচনা সভাত যোগদান কৰি মন্ত্ৰী জনে এই মন্তব্য কৰে।