মোৰাঝাৰঃ হোজাই বিধানসভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক অসম মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী চৌদিশে উত্থাপিত হৈছে৷ ৰাজ্যৰ ৰাজনীতিত হোজাই জিলাখনে পূৰ্বৰ পৰাই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে৷ হোজাই সমষ্টিৰপৰা পূৰ্বৰ চৰকাৰৰ আমোলতো একোজনকৈ বিধায়কে মন্ত্ৰীত্ব দখল কৰি আহিছে৷
বিজেপিৰ নেতা কৰ্মীৰ লগতে সংখ্যালঘু অঞ্চলৰ ৰাইজে বিধায়ক শিলাদিত্যক বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী সভাত কেবিনেট পৰ্যায়ৰ মন্ত্ৰীত্ব প্ৰদানৰ দাবী তুলিছে৷ সোমবাৰে এক প্ৰেছ বিবৃতিযোগে জামাত ই উলামা ই অসমৰ সাধাৰণ সম্পাদক ফখৰ কাছিমীয়ে কয় যে জামাত ই উলামা ই অসমে বিগত ২০১৬ বৰ্ষৰপৰা হোজাইৰ বিধায়ক শিলাদিত্য দেৱক অসম মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী জনাই আহিছিল যদিও বিধায়ক গৰাকীয়ে মন্ত্ৰী সভাত স্থান লাভ নকৰাত পুনৰ বাৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰী সভাত স্থান দিয়াৰ দাবী তোলে৷