
হোজাইঃ পৱিত্ৰ ঈদৰ দিনা হোজাইত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি। প্ৰাপ্ত বাতৰি মতে হোজাই চহৰৰ মাজ মজিয়াৰ নেতাজী কৰ্ণাৰৰ সমীপতে থকা নিউ চলটেণ্ট পিপাৰ নামৰ ৰেষ্টুৰেণ্টত কালি সন্ধিয়া হোজাই বিষ্ণুপল্লীৰ দুগৰাকী যুৱতীয়ে কিবা খাবলৈ যায়। সেই সময়ত ৰেষ্টুৰেণ্টত পূৰ্বৰে পৰা থকা চাৰিজনীয়া যুৱকৰ এটা দলে দুই যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ লগতে জোকোৱাই ৰেষ্টুৰেণ্টৰ পৰিবেশ বিনষ্ট কৰাত কৰ্মচাৰী সকলে যুৱকৰ দলটোক ওলাই যাবলৈ কৈ যদিও তেওঁলোক অমান্তি হয় উদ্ভণ্ডালি অব্যাহত ৰাখে।
♦ আৰক্ষীৰ বাহনত আক্ৰমণ প্ৰতিবাদকাৰীৰ
♦ চি আৰ পিৰ জোৱান আহত
♦ কন্দুৱা গেছ প্ৰয়োগ, লাঠিচালনা, ১৪৪ ধাৰা জাৰি
♦ চাৰি অভিযুক্ত যুৱকক আটক
এই ঘটনাৰ সময়ত ৰেষ্টুৰেণ্টত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হোজাই শাখাৰ সম্পাদক প্ৰাণকুমাৰ পাল আৰু এজন যুৱকে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ পাছত উদণ্ড যুৱকৰ দলটোক বাধা প্ৰদান কৰে যদিও যুৱকৰ দলটোৱে তেওঁলোকৰ লগতো কাজিয়াত লিপ্ত হোৱা বুলি অভিযোগ তুলি ৰেষ্টুৰেণ্টৰ সমুখত বিদ্যাৰ্থী পৰিষদৰ সদস্যই এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে।
পিছত আৰক্ষী উপস্থিত হোৱাত উদণ্ড যুৱকৰ দলটোৱে পলায়ন কৰে যদিও ঘটনাস্থলীত উপস্থিত হোৱা উপ আৰক্ষী অধীক্ষকে বিদ্যাৰ্থী পৰিষদৰ সদস্যক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি পৰিস্থিতি ভয়াৱহ কৰি তোলে। পৰৱৰ্তী সময়ত বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে তেওঁলোকৰ ওচৰত আৰক্ষী বিষয়াগৰাকীয়ে নিৰ্চতে ক্ষমা বিচাৰিব লাগে আৰু দোষীক কৰায়ত্ত কৰিব লাগে বুলি দাবী জনায় হোজাইৰ মূল পথ অৱৰোধ কৰি আৰক্ষী বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত প্ৰতিবাদৰ ফলত তীব্ৰ যান-জঁটৰ সমস্যা সৃষ্টি হোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও নিজৰ দাবীত অটল থাকি প্ৰতিবাদ অব্যাহত ৰখাত পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰে।অৱশেষত নিশা জিলা আৰক্ষী অধীক্ষক দেৱজিৎ মুখাৰ্জী, অতিৰিক্ত আৰক্ষী অধীক্ষক ধমেন্দ্ৰ কুমাৰ দাস,দণ্ডাধীশ অৰূপ পাঠক, উপায়ুক্ত এছ লক্ষ্মণ উপস্থিত হৈ পুনৰ প্ৰতিবাদৰ লগত আলোচনাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও পুনৰ ব্যৰ্থ হয়।
ইয়াৰ মাজতে একাংশ উত্তেজিত লোকে আৰক্ষীক কঠোৰ বাক্যবাণ নিক্ষেপ কৰাত এক ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰে। প্ৰশাসনে দুবাৰকৈ ঘোষণাৰ জৰিয়তে প্ৰতিবাদকাৰীক আঁতৰি যাবলৈ আহ্বান জনায় যদিও ৰাইজ ঘটনাস্থলীতে সমবেত হৈ আৰক্ষীৰ লগতে তৰ্কাতৰ্কিত লিপ্ত হোৱাত আৰক্ষীয়ে চত্ৰভংগ দিবলৈ পদক্ষেপ গ্ৰহণ কৰাত উত্তেজিত ৰাইজে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবর্ষণ কৰাত আৰক্ষীয়েও প্ৰত্যুত্তৰত লাঠিচালনা কৰাৰ লগতে চাৰিজাই কন্দুৱা গেছ নিক্ষেপ কৰে।
শিলাবৰ্ষণত চি আৰ পিৰ জোৱান ৰঞ্জিত সিং, আৰক্ষী অধীক্ষকৰ নিৰাপত্তাৰক্ষী প্ৰমোদ গায়নসহ কেইবাজনো প্ৰতিবাদীও আহত হোৱাৰ উপৰি আৰক্ষীৰ এখন বাহনো শিলাবৰ্ষণত ক্ষতিসাধন হয়। ইয়াৰ পাছত নিশা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে নিশা ৩ বজালৈকে এক আলোচনাৰ মাধ্যমেৰেও পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
ইপিনে আৰক্ষীয়ে ৰেষ্টুৰেণ্টৰ চিচি কেমেৰাৰ ফুটেজৰ আলম লৈ নিশাই ঘটনাটোৰ লগত জড়িত থকা যুৱক ছেলিম হুছেইনক আটক কৰি তদন্ত অব্যাহত ৰাখে। ফলত আজি বিয়লি পুনৰ আৰক্ষীয়ে অভিযান চলাই আন তিনিজন অভিযুক্ত ক্ৰমে ফৰিদ হুছেইন, ছাবিৰ হুছেইন আৰু মোবাৰক আলিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
নিশাৰ ঘটনাক কেন্দ্ৰ কৰি আজিও হোজাইত চেপা উত্তেজনা অব্যাহত থকাৰ লগতে ব্যৱসায়ীসকলে আতংকিত হৈ নিজাববীয়াকৈ দোকান-পোহাৰ বন্ধ ৰখাৰ বিপৰীতে আৰক্ষীয়ে সমগ্ৰ চহৰত টহল দিয়াৰ উপৰি নিৰ্দিষ্ট স্থানত আৰক্ষী মোতায়ন কৰি পৰিস্থিতিৰ ওপৰত প্ৰশাসনৰ উচ্চ বিষয়াসকলে চোকা দৃষ্টি ৰাখিছে। আনহাতে আৰক্ষী অধীক্ষকে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাইছে। একেদৰে উপ আৰক্ষী অধীক্ষকে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে।