হোজাইঃ পৱিত্ৰ ঈদৰ দিনা হোজাইত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি। প্ৰাপ্ত বাতৰি মতে হোজাই চহৰৰ মাজ মজিয়াৰ নেতাজী কৰ্ণাৰৰ সমীপতে থকা নিউ চলটেণ্ট পিপাৰ নামৰ ৰেষ্টুৰেণ্টত কালি সন্ধিয়া হোজাই বিষ্ণুপল্লীৰ দুগৰাকী যুৱতীয়ে কিবা খাবলৈ যায়। সেই সময়ত ৰেষ্টুৰেণ্টত পূৰ্বৰে পৰা থকা চাৰিজনীয়া যুৱকৰ এটা দলে দুই যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ লগতে জোকোৱাই ৰেষ্টুৰেণ্টৰ পৰিবেশ বিনষ্ট কৰাত কৰ্মচাৰী সকলে যুৱকৰ দলটোক ওলাই যাবলৈ কৈ যদিও তেওঁলোক অমান্তি হয় উদ্ভণ্ডালি অব্যাহত ৰাখে।
এই ঘটনাৰ সময়ত ৰেষ্টুৰেণ্টত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হোজাই শাখাৰ সম্পাদক প্ৰাণকুমাৰ পাল আৰু এজন যুৱকে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ পাছত উদণ্ড যুৱকৰ দলটোক বাধা প্ৰদান কৰে যদিও যুৱকৰ দলটোৱে তেওঁলোকৰ লগতো কাজিয়াত লিপ্ত হোৱা বুলি অভিযোগ তুলি ৰেষ্টুৰেণ্টৰ সমুখত বিদ্যাৰ্থী পৰিষদৰ সদস্যই এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে।