লংকাঃ নিজ দলৰ চৰকাৰ থকাৰ পাছতো বিৰোধী আৰু এটি নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকক টাৰ্গট কৰি প্ৰতিদিনে বিস্ফোৰণ কৰি অহা বিধায়ক শিলাদিত্য দেৱৰ গৃহ জিলা হোজাই জিলাত সুৰক্ষিত নহয় নাৰী৷ যোৱা কেইবাটাও দিনত সংঘটিত ঘটনাই এই কথাৰ প্ৰমাণ কৰে৷
যোৱা ১৬ মাৰ্চৰ নিশা জিলাখনৰ লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ জুঠাংৱস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইউছুফ আলীয়ে এগৰাকী যুৱতীক নিশা শ্মশানলৈ নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ নিজ খুৰাকে ভতিজাকক ধৰ্ষণ কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে জিলা খনত৷