কোকৰাঝাৰঃ নামমাত্ৰ পাৰিতোষিকৰে কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা গৃহৰক্ষীসকলৰ সমস্যা সমাধানৰ বাবে জিলাখনত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা নামেৰে এক পূৰ্ণাংগ জিলা সমিতি থকা সত্বেও শেহতীয়াকৈ অসম গৃহৰক্ষী কল্যাণ সমিতি নামেৰে আন এক জিলা সমিতি গঠন কৰাক লৈ কোকৰাঝাৰ জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
আজি এক প্ৰেছ বিবৃতিযোগে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জীতেন চন্দ্ৰ বৰ্মন আৰু সম্পাদক বৰহান কাজীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশেৰে গৃহৰক্ষী সন্থাৰ নামত জিলাখনত নতুনকৈ গঠন হোৱা সমিতিখনক অসাংবিধানিক তথা অবৈধ আখ্যা দিয়ে ৷