newsnextone.com | ডিজিটেল ডেস্কঃ গৃহ মন্ত্ৰণালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুৰক্ষা সন্দৰ্ভত চিন্তা প্ৰকাশ কৰি ৰাজ্য চৰকাৰ সমূহলৈ এই বিষয়ে নিৰ্দেশ প্ৰেৰণ কৰে৷ মন্ত্ৰণালয়ে পত্ৰ প্ৰেৰণ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ জীৱন এতিয়া খুৱেই বিপজ্জনক৷ যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে প্ৰধানমন্ত্ৰীৰ ওপৰত আক্ৰমণ চলাব পাৰে৷
যাৰ ফলত গৃহ মন্ত্ৰণালয়ে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰিছে৷ নতুন নিয়ম অনুসৰি প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত মুখ্য তদন্তকাৰী বিষয়াৰ অনুমতি অবিহনে কোনো মন্ত্ৰী অথবা বিষয়ায়েই প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিব নোৱাৰিব ঘোষণা কৰে মন্ত্ৰণালয়ে৷