কোকৰাঝাৰঃ দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ গৃহৰক্ষী জোৱানসকল৷ অসম চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰি আহিছে যদিও কম টকাত বৰ্দ্ধিত হাৰত দৰমহা গৃহৰক্ষী জোৱানসকলে দায়িত্ব পালন কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও দৰমহা বৃদ্ধিৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে জোৱানসকলে৷
ৰাজ্যখনত কৰ্মৰত ২৬,৬৬২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে গৃহৰক্ষী সকলক মাহেকত মাথো ৭,৫০০ টকাহে আদায় দিয়াত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ৷ এক বিবৃতি যোগে সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো গৃহৰক্ষীসকলৰ দৰমহা বৃদ্ধি নকৰাত গৃহৰক্ষী জোৱানসকলৰ পৰিয়াল পোহপাল দিয়াত কঠিন হৈ পৰা বুলি কয়৷