06
Sep
2018

newsnextone.com। ডিজিটেল ডেস্কঃ সমকামিতাক অপৰাধ হিচাপে গণ্য কৰা ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা বাতিল কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এই ঘোষণা মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বাধীন বিচাৰপীঠৰ। সমকামিতা সন্দৰ্ভত গ্ৰহণ কৰা শুনানিৰ ৰায় প্ৰদান কৰি বাতিল কৰে এই ধৰা।
ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামিতা কোনো অপৰাধ নহয়। সমকামীসকলে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে। ধৰা ৩৭৭ ধাৰাই খৰ্ব কৰিছে মৌলিক অধিকাৰ। সময়ৰ সৈতে আইন সংশোধনৰ প্ৰয়োজন আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ।