ডিজিটেল ডেস্কঃ শ্ৰীনগৰৰ চিকিৎসালয়ত লস্তৰ-ই-তৈবাই ভয়াবহ আক্ৰমণ সংঘটিত কৰাৰ ২৪ ঘন্টা পাৰ হোৱাৰ পিছতো চাঞ্চল্য অব্যাহত আছে৷ শ্ৰীনগৰৰ চিকিৎসালয়ত আক্ৰমণ কৰি পাকিস্তানী উগ্ৰপন্থীক মোকলাই নিয়াৰ ঘটনাৰ চাঞ্চল্য অব্যাহত আছে যদিও সমানে সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷
মঙলবাৰে উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ এগৰাকী আৰক্ষীৰ লোকৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী আৰক্ষীৰ লোক গুৰুতৰ ভাৱে আহত হয়৷ শ্ৰীনগৰৰ মহাৰাজ হৰি সিং হস্পিতালত এগৰাকী পাকিস্তানী উগ্ৰপন্থীক চিকিৎসাৰ বাবে নিয়াৰ সময়তে অতৰ্কিতে উগ্ৰপন্থীয়ে আক্ৰমণ কৰি মোকলাই নিয়ে উগ্ৰপন্থীজনক৷