বাঘবৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি পৰিৱৰ্তনকামী চৰকাৰৰ বহু চৰ্চিত তথা দক্ষ মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ সময়তে বাঘবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বিগত দুদিন ধৰি বন্ধ হৈ থকাত হতবাক হৈ পৰিছে স্থানীয় ৰাইজ।
জানিব পৰা মতে, বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ চৰাঞ্চলৰ ৰাইজৰ একমাত্ৰ স্বাস্থ্য সেৱা আগবঢ়োৱা বাঘবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বিগত দুদিন ধৰি বন্ধ হৈ আছে।
অতি দুৰ্গম অঞ্চল বুলি আজুহাত দেখুৱাই চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীসকলে নিজৰ ইচ্ছা মতে স্বাস্থ্য কেন্দ্ৰটো চলাই অহাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ফলত অঞ্চলটোৰ ৰোগীসকলৰ অসহায় হৈ পৰিছে। প্ৰতিদিনে বহু ৰোগী আহি বিনা চিকিৎসাই ঘূৰি গৈছে। ইমানৰ পিছতো বিহিত ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে বিভাগীয় কৰ্তৃপক্ষ। আনহাতে স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ আৰু আন কৰ্মচাৰীৰো অভাৱ বুলি ৰাইজে অভিযোগ কৰিছে।
এনে পৰিপ্ৰেক্ষিতত স্বাস্থ্য সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হ'বলগীয়াত পৰিছে বাঘবৰবাসী ৰাইজে। সেয়ে শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ আৰু আন কৰ্মচাৰী নিযুক্তি দিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।